কইনাৰ কাষ নাপালেগৈ! ভয়ংকৰ পথ দুৰ্ঘটনাত পৰিয়ালৰ ৮সদস্যৰ সৈতে মৃত্যু দৰা...

কইনাক আনিবলৈ বুলি বৰযাত্ৰীৰ গাড়ী সন্ধিয়াতে ওলাইছিল। কিন্তু বিধিৰ কি লিখন! আদবাটতে সকলো সপোন চূৰমাৰ হোৱাৰ লগতে নিঃশেষ হৈ গ'ল এটা পৰিয়াল। দৰাৰ স্কৰপিঅ' বাহনখনত আছিল দৰাৰ ভগ্নী, খুৰীয়েক,

author-image
Asomiya Pratidin
New Update
OKKKD

ডিজিটেল ডেস্কঃ কইনাক আনিবলৈ বুলি বৰযাত্ৰীৰ গাড়ী সন্ধিয়াতে ওলাইছিল। কিন্তু বিধিৰ কি লিখন! আদবাটতে সকলো সপোন চূৰমাৰ হোৱাৰ লগতে নিঃশেষ হৈ গ'ল এটা পৰিয়াল। দৰাৰ স্কৰপিঅ' বাহনখনত আছিল দৰাৰ ভগ্নী, খুৰীয়েক, সম্পৰ্কীয় ভগ্নীৰ সৈতে মুঠ ৮গৰাকী আত্মীয়। ভয়ংকৰ পথ দুৰ্ঘটনাত দৰাৰ সৈতে এই আটাইকেইগৰাকী লোকৰে মৃত্যু ঘটিল।

Advertisment

দৰাৰ নাম আছিল সুৰজ পাল। শুকুৰবাৰে সন্ধিয়া ৭.৩০বজাত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাতো। এখন বিদ্যালয়ৰ দেৱালত প্ৰচণ্ড খুন্দা মৰাৰ ফলত চূৰমাৰ হৈ পৰে বাহনখন। থিতাতে মৃত্যু হয় বাহনখনত থকা ৮গৰাকীকৈ সদস্যৰ। আৰক্ষীয়ে সদৰি কৰিছে তীব্ৰ বেগত থকাৰ বাবেই এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হবলৈ পালে।

উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ প্ৰদেশৰ চম্ভল জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাতো। 

পথ দুৰ্ঘটনা