বকোত উদ্ধাৰ দুটা মৃতদেহ...

বকোত উদ্ধাৰ দুটা মৃতদেহ...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ বকোৰ দুটা পৃথক স্থানত দেওবাৰে উদ্ধাৰ হয় দুটাকৈ মৃতদেহ । জানিব পৰা মতে, বকোৰ হাহিমৰ সমীপৰ মেঘালয় আৰেডঙাত শনিবাৰে সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ সন্ধানহীন হৈ পৰে এজন যুৱক । কামৰূপ জিলাৰ ছয়গাঁৱৰ মিলনপুৰ গাঁৱৰ 5 জন যুৱকে বকোৰ সমীপৱৰ্তী মেঘালয়ৰ আৰেডঙাৰ এটা নদীত গা ধুবলৈ যায় যদিও ধ্ৰুৱজ্যোতি কলিতা (21) নামৰ যুৱকজন পানীত পিচলি পৰি সন্ধানহীন হৈ পৰে

Advertisment

আনহাতে, বকোৰ পাঠশালাকোঠত স্থানীয় ৰাইজ আৰু বকো আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় আন এটা মৃতদেহ । বকো নৈত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু তাৎক্ষণিকভাবে বকো আৰক্ষীক খবৰ দিয়াত উদ্ধাৰ কৰা হয় মৃতদেহটো । মৃতদেহটো বকো ডাকুৱাপাৰাৰ দেৱকান্ত ৰাভা (50) বুলি জানিব পৰা গৈছে ।

শনিবাৰে বকো সাপ্তাহিক বজাৰলৈ যোৱাৰ পৰাই দেৱকান্ত ৰাভা সন্ধানহীন হৈ আছিল বুলি পৰিয়ালৰ লোকে জনায় ।

বকো