বকোৰ উদ্যোমী যুৱক দীপজ্যোতি দাসলৈ সামাজিক সমন্বয় বঁটা...

বঁটাত আছে এখন মানপত্ৰ, এখন চেলেং চাদৰ , এটা জাঁপি আৰু এটা স্মাৰক

author-image
Asomiya Pratidin
New Update
বকোৰ উদ্যোমী যুৱক দীপজ্যোতি দাসলৈ সামাজিক সমন্বয় বঁটা...

সামাজিক সমন্বয় বঁটা

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোৰ এগৰাকী উদ্যোমী যুৱকক শনিবাৰে ছয়গাঁও শিল্পী সুৰক্ষা পৰিষদ নামৰ সংগঠন এটাই 'সামাজিক সমন্বয় বঁটা- ২০২২' আগবঢ়ায়। জানিবপৰা মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰৰ দীপজ্যোতি দাস নামৰ যুৱকগৰাকীক ছয়গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত শনিবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ দিনা এই বঁটা আগবঢ়ায় । বঁটাত আছে এখন মানপত্ৰ, এখন চেলেং চাদৰ , এটা জাঁপি আৰু এটা স্মাৰক ।

Advertisment

উল্লেখযোগ্য যে, ছয়গাঁও শিল্পী সুৰক্ষা পৰিষদৰ সামাজিক সমন্বয় বঁটা - ২০২২ লাভ কৰা উদ্যোমী যুৱক দীপজ্যোতি দাস ছমৰীয়াৰ প্ৰয়াত অনন্ত কুমাৰ দাস আৰু চম্পা দাসৰ জ্যেষ্ঠ পুত্ৰ ।

assam BOKO