/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/48a29cf1-4811-4280-b93c-3d957262c571/boko_bahor_dolong.jpg)
স্থানীয় ৰাইজৰ দ্বাৰা নিৰ্মিয়মান বাঁহৰ দলং
ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত এটা গ্ৰাম্য পথত বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়ত কৰিবলগীয়া হৈছে । জানিব পৰা মতে, ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত মাটিয়া নামৰ গাঁৱখনৰ মাজেৰে বৈ যোৱা মৰা নদীৰ ওপৰত থকা কাঠৰ দলংখন ২০১৪ বৰ্ষৰ প্ৰলয়ংকাৰী বানপানীয়ে উটুৱাই নিছিল ।
তাৰ পিছৰে পৰা মাটিয়া গাঁৱখনৰ ৰাইজে বকোৰ গামেৰীমূৰা আৰু গোৱালপাৰা জিলাৰ ধূপধৰা বজাৰ সংযোগী গ্ৰাম্য পথটোত বাঁহৰ সাকোঁ সাজি নৈখন ইপাৰ-সিপাৰ হৈ আহিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, নদীটোৰ ওপৰৰ বাঁহৰ সাঁকোখন যাতায়তৰ ফলত সঘনে ভাঙি যায় বাবে বছৰত ৰাইজে ৩ বাৰলৈকে সাঁজি ল'বলগীয়া হয় ।
এইবাৰো শনিবাৰৰ পৰা ৰাইজে সাঁকো সজা কামত লাগিছে । গাঁৱখনৰ প্ৰতি ঘৰৰ পৰা বাঁহ-কাঠ আনি সাঁকোখন নিৰ্মাণ কৰি থকা বুলি জনায় । ৰাইজে কৰা অভিযোগ মতে মৰা নদীৰ ওপৰত স্থায়ী দলং এখন নিৰ্মাণ কৰাৰ আবেদন লোকনিৰ্মাণ বিভাগ, পঞ্চায়ত কাৰ্যালয় আৰু ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধিৰ কাষ চাপিছিল যদিও কোনেও ৰাইজৰ আবেদনৰ প্ৰতি গুৰুত্ব দিয়া নাই । ৰাইজে অতি শীঘ্ৰেই মৰা নদীৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।