/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/31d59017-427e-4809-9f07-394fa0d91f58/drugs_da.jpeg)
drugs
ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত শুক্ৰবাৰে নিশা ড্ৰাগছ সহ এটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত আগছিয়াত আৰক্ষীয়ে অভিযান চলাই ।
উক্ত অভিযানত আৰক্ষীয়ে মানকাচৰৰ নুৰুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক ৭গ্ৰাম ড্ৰাগছ আৰু নিচাজাতীয় টেবলেটৰ সৈতে আটক কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী আলীক অধিক তথ্যৰ বাবে সম্প্ৰতি বকো থানাত ৰাখি সোধ পোচ অব্যাহত ৰাখিছে ।