/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4741fe27-d1db-48e2-b065-94e74e50de6e/boko_goru.jpg)
boko
ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত সোমবাৰে সন্ধিয়া আৰক্ষীয়ে চোৰাং গৰু জব্দ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত নাম তাৰাবাৰী গাঁৱৰ মাজেৰে মেঘালয় ৰাজ্যলৈ চোৰাং গৰু খেদি নি থকা বুলি জানিব পাৰি বকো আৰক্ষীয়ে অভিযান চলায় ।
অভিযানত আৰক্ষীয়ে ২১ টাকৈ চোৰাং গৰু জব্দ কৰা বুলি জানিবলৈ দিয়ে। বৰ্তমানলৈকে নাম তাৰাবাৰী গাঁৱত জব্দ কৰা ৯ টা গৰু আৰক্ষীয়ে বকো থানাত আনিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, বকোৰ গামেৰীমূৰাহৈ সঘনে মেঘালয় ৰাজ্যলৈ গৰু চুৰি চক্ৰই চোৰাং গৰু সৰবৰাহ কৰি আহিছে । আৰক্ষী-প্ৰশাসনে মাজে-সময়ে অভিযান চলাই চোৰাং গৰু জব্দ কৰি আহিছে যদিও গৰু সৰবৰাহত জড়িত লোকক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই । আজিও আৰক্ষীয়ে গৰু চুৰি কাৰ্যত জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল ।