/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
ডিজিটেল সংবাদ ,বকোঃ কামৰূপ জিলাৰ বকোত পানীত পৰি এগৰাকী লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত নাৰেংগা গাঁৱৰ দীনেশ দাস(৫০) নামৰ লোকগৰাকীয়ে শুক্ৰবাৰে বিয়লি ঘৰৰ কাষৰে শালমাৰা বিলৰ পাৰত ঘাঁহ কাটিবলৈ যায় । কিন্ত নিশালৈ লোকগৰাকীয়ে ঘৰলৈ উভটি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে ।
অৱশেষত দাসৰ মৃতদেহ বিলৰ পানীত ওপঙি থকা দেখিবলৈ পায় । শনিবাৰে ৰাতিপুৱা দীনেশ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বকো আৰক্ষীয়ে গুৱাহাটী চিকিৎসালয়ত প্ৰেৰণ কৰে ।
উল্লেখযোগ্য যে, পানীত পৰি অকাল মৃত্যুক আকোৱালি লোৱা দীনেশ দাসে মৃত্যুৰ সময়ত পত্নী আৰু তিনি সন্তানক ইহসংসাৰত এৰি থৈ যায় ।