বিশ্বকৰ্মা পূজাৰ মাজতে বকোৰ বিধায়িকা নন্দিতা দাসৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ এজনক আটক...

মটৰ চাইকেলে খুন্দা মাৰিলে বিধায়িকাগৰাকীৰ বাহনত...
nandita das car
nandita das car

ডিজিটেল সংবাদ বকো : বিশ্বকৰ্মা পূজাৰ দিনাই বকোৰ বিধায়িকাৰ বাহন দুৰ্ঘটনাত পতিতি। এখন মটৰচাইকেলে খুন্দা মাৰে বিধায়িকীগৰাকীৰ বাহনখনত। কামৰূপ জিলাৰ ৪৮নং বকো বিধান সভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ গাড়ীত শনিবাৰে মটৰচাইকেল এখনে খুন্দা মাৰে ।

জানিবপৰা মতে বিধায়িকাগৰাকীয়ে ভালুকঘাট সত্ৰৰ পৰা তেওঁৰ এ এছ ০১ ই এইছ ৪৮৬৮ নম্বৰৰ ইনোভা গাড়ীখনেৰে বকো অভিমুখে আহি থাকোতে বকো প্ৰাথমিক চিকিৎসালয়ৰ সমীপত বিপৰীত দিশৰপৰা গৈ থকা এ এছ ০১ এ এইছ ৮৮৯৭ নম্বৰৰ মটৰচাইকেলখনে খুন্দা মাৰে ।

ফলত মটৰচাইকেল চলোৱা যুৱকগৰাকীয়ে ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বিধায়িকাগৰাকীৰ গাড়ীখন কিছু পৰিমাণে ক্ষতিগ্ৰস্থ হয় । দুৰ্ঘটনাৰ লগে লগে বকো আৰক্ষীৰ দল এটাই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মটৰ চাইকেলখনৰ চালকগৰাকীৰ চালকৰ অনুজ্ঞাপত্ৰ নথকাত গাড়ীখন জব্দ কৰাৰ লগতে যুৱকগৰাকীক আটক কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in