/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6e0119da-0087-40ac-8828-52d394b0576a/saul.jpg)
boko
ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত শনিবাৰে একাংশ মহিলাই সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল নোপোৱাৰ অভিযোগ তুলি সমবায় সমিতিৰ সম্পাদকক ঘেৰাও কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনাৰ বিৱৰণী মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত বন্দাপাৰাস্থিত সুলভ মূল্য আৰু খুচুৰা সা-সামগ্ৰী বিক্ৰীৰ কেন্দ্ৰ বেকেলী গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ অধীনৰ এজেন্টৰ পৰা পৰিয়ালবোৰে কেইবামাহো ধৰি বিনামূলীয়া চাউল পোৱা নাই ।
চাউল পোৱাৰ বাবে পৰিয়ালবোৰে এজেন্টক ১০০ টকাকৈ জমা দিয়ে । কিন্ত ইয়াৰ পিচতো পৰিয়ালবোৰে চাউল নোপোৱাত ক্ষোভিত হৈ আজি একাংশ মহিলাই বেকেলী গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়লৈ যায় ।
মহিলা সকলে কাৰ্যালয়ত প্ৰথমে সমবায় সমিতিখনৰ সভাপতিগৰাকীক বিচাৰে । কিন্ত সেই সময়ত সমবায় সমিতিখনৰ সভাপতিগৰাকী কাৰ্যালয়ত নথকাত ক্ষোভিত মহিলা সকলে সম্পাদক নৰেন্দ্ৰ ৰাভাক ঘেৰাও কৰে ।
মহিলা সকলে সম্পাদকগৰাকীক বিনামূলীয়া চাউল নোপোৱাৰ ক্ষোভত বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰে । বেকেলী গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদকগৰাকীয়ে চৰকাৰে যোগানধৰা প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনাৰ অধীনত বিনামূলীয়া চাউল গুৱাহাটীৰ পৰা অনাৰ নামত যাতায়ত খৰছ নিদিয়ে বাবে ৬ বাৰকৈ চাউল আৰু গৰীৱ কল্যাণ নিধি অন্ন সুৰক্ষাৰ বিনামূলীয়া চাউল গুৱাহাটীৰ পৰা কঢ়িয়াই আনিবলৈ প্ৰতি কুইণ্টলত ১০০ টকাকৈ চৰকাৰে দিয়ে আৰু ১০০ টকাৰে চাউলখিনি আনিব নোৱাৰি বুলি জনায় ।
যাৰবাবে সমবায় সমিতিখনে মুঠ ৬ বাৰ বিনামূলীয়া চাউল ৰাইজক যোগান ধৰিব পৰা নাই বুলি জানিবলৈ দিয়ে । ক্ষুদ্ধ মহিলাসকলে সম্পাদকগৰাকীৰ কথাত ক্ষান্ত নহৈ এই ক্ষেত্ৰত কামৰূপ জিলাৰ উপায়ুক্তৰ কাষ চপাৰ সংকল্প গ্ৰহণ কৰে ।