/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/31bf01cd-427d-45ad-90ca-264f0887f8e4/boko_24.jpg)
boko
ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত সোমবাৰে অসম লোকসেৱা আয়োগৰ পাঠ্যক্ৰমৰ কেন্দ্ৰ এটা মুকলি কৰে তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকো ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয় পথত 'বকো কোচিং একাডেমী ' নামেৰে আৰম্ভ কৰা অসম লোকসেৱা আয়োগৰ পাঠ্যক্ৰমৰ কেন্দ্ৰটো মুকলি কৰি বিধায়কগৰাকীয়ে কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ১০০ % হ'ব বুলি আশা প্ৰকাশ কৰে ।
নামনি আসমৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিয়দীয় এলেকাত আৰম্ভ কৰা একমাত্ৰ পাঠ্যক্ৰমৰ কেন্দ্ৰটোৱে কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত উজ্বলি উঠিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । বিধায়কগৰাকীয়ে কেন্দ্ৰটোৰ পৰিচালক বকো কণিষ্ঠ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ৰঞ্জন ৰাভাক শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
কেন্দ্ৰটোৰ আজিৰ শুভাৰম্ভণি অনুষ্ঠানত দূধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ললিত চন্দ্ৰ ৰাভা, বিকালী মহাবিদ্যালয়ৰ বাণিজ্যক শাখাৰ অধ্যাপক ড৹ লক্ষ্যজিৎ ৰাভা, বকো সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, বড়ো নেতা প্ৰফুল্ল কুমাৰ বড়ো, কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ সভাপতি অমিয় কুমাৰ ৰাভা, সম্পাদক হৰেশ্বৰ ৰাভা, অৱসৰপ্ৰাপ্ত বনবিষয়া প্ৰহ্লাদ বড়ো, ৰমেন বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।