/asomiyapratidin/media/media_files/2025/06/18/breaking plate-99088280.jpeg)
ডিজিটেল বিশেষ সংবাদ বোকাখাতঃ বুধবাৰে বোকাখাতত বন্য হস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ। জানিব পৰা মতে এই ঘটনাটো সংঘটিত হয় বোকাখাতৰ বৰচাপৰী বাগিচাৰ ৬ নং লাইনত।
হাতীৰ আক্ৰমণত নিহত লোক জনৰ নাম ধমা নায়ক। বৰচাপৰি বাগিচাৰ নিবাসী লোক জনে বাগিচালৈ গৰু বিচাৰি যোৱাৰ সময়ত বন্য হস্তীয়ে আক্ৰমণ কৰে। ফলত লোক জনৰ ঘটনাস্থলিতে মৃত্যু হয়।
পৰবৰ্তী সময়ত ঘটনাস্থালীত নুমলীগড় বন বিভাগৰ লোক আৰু বোকাখাত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।