অৱসৰলৈ আৰু দুবছৰ আছে,মোৰ চাকৰিটো চৰকাৰী কৰি দিয়ক: এজন শিক্ষকৰ কাতৰ আহ্বান

অৱসৰলৈ আৰু দুবছৰ আছে,মোৰ চাকৰিটো চৰকাৰী কৰি দিয়ক: এজন শিক্ষকৰ কাতৰ আহ্বান

author-image
asomiyapratidin
New Update
অৱসৰলৈ আৰু দুবছৰ আছে,মোৰ চাকৰিটো চৰকাৰী কৰি দিয়ক: এজন শিক্ষকৰ কাতৰ আহ্বান

ডিজিটেল সংবাদ, বোকাখাত: "মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত হাত যোৰ কৰিছো। মাননীয় শিক্ষা মন্ত্ৰী মহোদয়, মাননীয়, বোকাখাতৰ বিধায়ক,আমাৰ মন্ত্ৰী অতুল বৰাক হাতযোৰ কৰিছো। মই 'বিশেষ ভাৱে সক্ষম' শিক্ষয়িত্ৰী।অৱসৰলৈ আৰু দুবছৰ আছে।মোৰ চাকৰিটো চৰকাৰী কৰি দিয়ক। ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভগা স্কুল খন সাজি দিয়ক" – এই কাতৰ আহ্বান গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ অধীনৰ বেচৰকাৰী "দুৰ্গাপুৰ প্ৰাথমিক বিদ্যালয়"ৰ একমাত্ৰ শিক্ষয়িত্ৰী ঊষাৰাণী শইকীয়াৰ।

Advertisment

১৯৮০ চনত প্ৰতিস্থা হোৱা বিদ্যালয় খনত প্ৰতিস্থা কালৰ পৰা বৰ্তমান পৰ্যন্ত শিক্ষকতা কৰি থকা ঊষাৰাণী শইকীয়াই দুবছৰৰ পাছত অৱসৰ ল'ব। প্ৰতিষ্ঠা কালৰ পৰা প্ৰধান শিক্ষয়িত্ৰী ৰূপে থকা আন এগৰাকী শিক্ষয়ত্ৰী আৰতি দত্তই ইতিমধ্যে ২০১৮ চনত বিনা বেতনে অৱসৰ ল'লে।

ইফালে বিদ্যালয়খন থকা ১৯৫৯ চনতে স্থাপিত গাঁও খন এতিয়া পৰ্যটন গাঁৱলৈ উন্নীত হ'ল। ইয়াতেই আছে অখিল গগৈৰ অৰ্কিড পাৰ্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰো হৃদপিণ্ড এইকণ ঠাই।এই ঠাইৰ এই বিদ্যালয় খনে লাভ কৰে ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া কিতাপ বহী। পাই মধ্যাহ্ন ভোজন। বিদ্যালয় খনৰ ডাইচ কোড নম্বৰ১৮১৮০৫১৩৫০২ ।আছে নিজা মাটি।আছে ছাত্ৰ ছাত্ৰী।

শিক্ষয়িত্ৰী ঊষাৰাণী শইকীয়া ডি এল এড উত্তীৰ্ণ। এখন বিদ্যালয় প্ৰাদেশীকৰণ অথবা পদ প্ৰাদেশীকৰণৰ বাবে সকলো সমল থকাৰ পাছতো কাৰ গাফিলতিৰ ফলত ২০১৩ চনত বিদ্যালয় প্ৰাদশীকৰণ,২০২১ চনত পদ প্ৰাদশীকৰণৰ পৰা বাদ পৰিল গ'ল সিও উদ্বেগৰ বিষয়। বৰ্তমান বিদ্যালয় খনৰ জড়াজীৰ্ণ অৱস্থা। আদৰ্শ গাঁও দুৰ্গাপুৰলৈ অহা বিদেশী পৰ্যটকে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ এইখন ছবিকে মনত লৈ যাই।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয় দাঁতি-কাষৰীয়া এই বিদ্যালয়খন ইচ্ছা কৰিলেই জাকত জিলিকা কৰিব পাৰে । কাজিৰঙাৰ গইনালৈ গঢ়ি উঠা এন জি অ সমূহৰো নিশ্চয়কৈ কৰনীয় আছিল অনেক ।অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠা কাজিৰঙা অৰ্কিড পাৰ্কলৈ যোৱা পথতে এইখন বিদ্যালয়। বৰ্তমান তেখেত বিধায়ক।ইচ্ছা কৰিলেই বিদ্যালয় খনৰ উন্নয়ণৰ চিন্তা কৰিব পাৰে। কিন্তু সকলো নীৰৱ।খাটিখোৱা কাৰ্বি ,চাহ বনুৱা ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ বাবেই এইখন বিদ্যালয় এলাগী নেকি?

উল্লেখ্যযোগ্য যে, বিদ্যালয় খনৰ শাৰীৰিক বাধাগ্ৰস্ত শিক্ষয়িত্ৰী গৰাকীয়ে ২০২১ চনৰ ১০ ফেব্ৰুৱাৰীত জনতাভৱনত তদানিন্তন শিক্ষা মন্ত্ৰী,এতিয়াৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি হাতে হাতে আবেদন দিছিল। কিন্তু নেপালে একো ফল।

প্ৰশ্ন হৈছে,অৱসৰৰ আগতে শিক্ষয়িত্ৰী গৰাকীয়ে লাভ কৰিবনে ইতিবাচক খবৰ।যিকোনো সময়ত ভাগি পৰিব বুলি আশংকা কৰা বিদ্যালয়খনৰ হ'বনে নতুন নিৰ্মাণ?

আৰু পঢ়ক: নলবাৰীত অঘটন, বানত পৰি মৃত্যু মণ্টু বৈশ্যৰ

assam himanta biswa sarma ranoj pegu