/asomiyapratidin/media/media_files/2025/05/22/gBXrm2FRiSehRBJDZatR.jpg)
ডিজিটেল সংবাদ বোকাখাতঃ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ উন্নয়ণ আৰু বিকাশৰ নগ্ন ছবিখন তেনেই সুলভ তেওঁৰ সমষ্টিত। বিগত সময়চোৱাত বোকাখাত বিধানসভা সমষ্টিৰ গ্ৰামাঞ্চল সমূহত মন্ত্ৰী গৰাকীয়ে বিকাশ আৰু উন্নয়ণত অধিক সময় ব্যয় কৰিছে বুলি সততে প্ৰচাৰ কৰি থকা হয় যদিও তাৰ ছৱিখন ওলোটাহে।
আনহাতে ইয়াৰ গ্ৰামাঞ্চল সমূহত পঞ্চায়তী ৰাজৰ আঁচনিসমূহ অধিক ফলপ্ৰসু হৈছে বুলি কোৱা হয় যদিও বিগত সময়চোৱাত সমষ্টিটোৰ কুৰুৱাবাহী পঞ্চায়তত আঁচনি সমূহ কিমান ফলপ্ৰসু হৈ উঠিছিল তাক স্পষ্ট কৰিব আজিৰ প্ৰতিবেদৰ লগত সংলগ্ন আলোকচিত্ৰ দুখনেই।
২০২৪-২৫ বৰ্ষৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আচনীৰ অধিনত কুৰুৱাবাহী পঞ্চায়তৰ অধিনৰ ভূঁঞা গাঁও আৰু মাঝি গাৱঁৰ মাজত নিৰ্মান কৰা হৈছিল এই তথাকথিত "কৃষি বান্ধ"টো। গাওঁবাসীৰ অভিযোগ অনুসৰি ব্যাপক দুৰ্নিতিৰ অভিযোগেৰে অভিযুক্ত কুৰুৱাবাহী গাওঁ পঞ্চায়তৰ নথি অনুযায়ী অনুমোদিত ৪,৩৩,৯৩১ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হ'ল এই তথাকথিত "কৃষি বান্ধ"টো।
কিন্তু কেইদালমান বাঁহৰ খুটাৰ ওপৰত আৰু কেইদালমান বাঁহ জাপি দি "কৃষি বান্ধ"ৰ নামত এখন বাঁহৰ সাঁকো নিৰ্মান কৰি চৰকাৰী ধনৰ ব্যাপক লুণ্ঠন কৰা হ'ল "কৃষি বান্ধ"টোৰ নামত। আনহাতে গাওঁবাসীৰ অভিযোগ অনুসৰি উক্ত বাঁহৰ সাঁকো নিৰ্মানৰ নামত কোনোপধ্যেই ব্যয় হোৱা নাই ৪,৩৩,৯৩১ লাখ টকা।
স্বাভাৱিকতেই প্ৰশ্ন হয় যে, গ্ৰাম্য উন্নয়ণৰ ঢাকঢোল বজোৱা মন্ত্ৰী অতুল বৰাৰ অগোচৰেই গ্ৰামাঞ্চলসমূহত সংঘটিত হৈ আছেনে এনে সীমাহীন দুৰ্নীতি? নে মন্ত্ৰী গৰাকীৰ অনুগ্ৰহতেই একাংশ ঠিকাদাৰৰূপী তোষামোদকাৰী পালিনেতাই এনেদৰেই গ্ৰামাঞ্চলসমূহত সংঘটিত কৰি আছে দুৰ্দশাগ্ৰস্ত ৰাইজৰ "মেলাচিকাৰ" ?