পথাৰৰ উন্মুক্ত পানী ভৰ্তি গাঁতত পৰি শিশুৰ শোকাৱহ মৃত্যু...

কুৰুৱাবাহীত পুৱাৰ পৰাই সন্ধানহীন হৈ আছিল শিশুটি। বিয়লি পথাৰত জেচিবিয়ে খান্দি থোৱা এটা উন্মোক্ত পানী ভৰ্তি গাঁতৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ। 

author-image
Asomiya Pratidin
New Update
ffff

ডিজিটেল সংবাদ,বোকাখাতঃ  আজি বোকাখাতৰ কুৰুৱাবাহীৰ নগঞাঁ গাঁৱত সংঘটিত হয় এটি শোকাৱহ ঘটনা। পথাৰৰ গাঁতত পৰি মৃত্যু হয় এটি ৭বছৰীয়া শিশুৰ। শিশুটি সেই গাঁৱৰে পংকজ দাসৰ পুত্ৰ প্ৰিন্স দাস।

Advertisment

গাঁওবাসীয়ে জানিবলৈ দিয়া অনুসৰি পুৱাৰ পৰাই সন্ধানহীন হৈ আছিল শিশুটি। বিয়লি পথাৰত জেচিবিয়ে খান্দি থোৱা এটা উন্মোক্ত পানী ভৰ্তি গাঁতৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ। বিগত সময়চোৱাৰ নেৰানেপেৰা বৰষুণৰ ফলত পূৰ্ণ হৈ পৰা গাঁত-খাল আদিয়ে অঞ্চলটিত আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকা কৰা হৈছে।

মৃত প্ৰিন্স দাস কুৰুৱাবাহী জাতীয় বিদ্যাপীঠত প্ৰথম শ্ৰেণীত অধ্যয়নৰত আছিল। ঘটনাটোৰ পাছতেই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।

বোকাখাত