বোকাখাতত বন্যাৰ্তৰ হাহাকাৰৰ মাজতেই অভিসন্ধিমূলকভাৱে প্ৰসূতি চিকিৎসকক বদলিৰ অভিযোগ

বোকাখাতত বন্যাৰ্তৰ হাহাকাৰৰ মাজতেই অভিসন্ধিমূলকভাৱে প্ৰসূতি চিকিৎসকক বদলিৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
বোকাখাতত বন্যাৰ্তৰ হাহাকাৰৰ মাজতেই অভিসন্ধিমূলকভাৱে প্ৰসূতি চিকিৎসকক বদলিৰ অভিযোগ

ডিজিটেল সংবাদ,বোকাখাতঃ এফালে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত অভাৱ পৰ্যাপ্ত চিকিৎসক,চিকিৎসা কৰ্মীৰ।আনফালে বান বিভীষিকাৰ সময়তে ৩মাহ নৌহওঁতেই অভিসন্ধিমূলকভাৱে বোকাখাতৰ পৰা প্ৰসূতি বিভাগৰ একমাত্ৰ দক্ষ চিকিৎসক ড০ গুণকুমাৰ দলেক বদলি কৰে।

Advertisment

ফলস্বৰূপে বন্যাৰ্ত ৰোগীৰ মাজত হাহাকাৰ লাগিছে। যুটীয়া স্বাস্থ্য সঞ্চালকলৈ ৰাজহুৱা স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বোকাখাত মহকুমা ৰাইজৰ।উল্লেখযোগ্য যে ১২কোটি ৫লাখ ৬৮হাজাৰ ৯০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১০০খন বিচনাযুক্ত এই বিয়াগোম চিকিৎসালয়খনে আজিও উপকৃত কৰিব পৰা নাই সমষ্টিটোৰ সাধাৰণ ৰাইজক।

বৰঞ্চ সাধাৰণ ৰোগতেই আন চিকিৎসালয়লৈ ৰেফাৰ কৰা,চিকিৎসাৰ বিসংগতিৰ লগতে চিকিৎসক-নাৰ্চৰ অভাৱ তথা অপৰ্যাপ্ত ঔষধ আৰু চিকিৎসা সম্বন্ধীয় সমস্যাই ভাৰাক্ৰান্ত কৰি আহিছে সাধাৰণ ৰাইজক। চিকিৎসক,চিকিৎসা কৰ্মীৰ নাটনিৰ সময়তে এইবাৰ একমাত্ৰ প্ৰসূতি চিকিৎসক গৰাকীকো বদলি কৰাক লৈ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে বোকাখাতৰ জনতাই।

ইফালে জনজাতীয়মূলৰ চিকিৎসক হোৱাৰ বাবেই এই অভিসন্ধি নেকি বুলি শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মন্ত্ৰী অতুল বৰাক উদ্দেশ্যিও প্ৰশ্ন কৰে জীপাল কৃষক শ্ৰমিক সংঘই।

বদলি সন্দৰ্ভত মহকুমা স্বাস্থ্য অধীক্ষকৰ লগত আলোচনাত মিলিত জীপাল কৃষক শ্ৰমিক সংঘ।বদলিৰ নিৰ্দেশ ৰাজহুৱা কৰিবলৈও দাবী জনাই সংগঠনটোই।

Also Read: হোজাই আৰক্ষীৰ গুলীত আহত অবৈধ গো মাংস ব্যৱসায়ীঃ আটক ৮

bokakhat