/asomiyapratidin/media/media_files/2025/06/25/panbari-25-2025-06-25-15-04-24.jpg)
ডিজিটেল বিশেষ সংবাদ বোকাখাতঃ মঙলবাৰে নিশা বোকাখাতৰ পানবাৰীস্থিত চি আৰ পি এফৰ কেম্পত এক গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। অৱশ্য চি আৰ পি এফৰ কেম্প যদিও উক্ত কেম্পত বৰ্তমান অসম আৰক্ষীৰ জোৱানেহে বাহৰ পাতি আছে।
বিস্ফোৰণৰ পাছৰে পৰা সমগ্ৰ বোকাখাতত এক চেঁপা উত্তেজনাই বিৰাজ কৰি আছে। উক্ত ঘটনাত তিনিজনকৈ অসম আৰক্ষীৰ তিনিজন জোৱান সামান্য ভাৱে আঘাটপ্ৰাপ্ত হয়। আঘাটপ্ৰপ্ত জোৱান কেইজনক বোকাখাত ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰোৱা হয়।
আহত জোৱান কেইজন ক্রমে সিদ্ধার্থ বৰবৰা, সুশীল ভূমিজ আৰু মিন্টু হাজৰিকা। বিস্ফোৰণটোত সন্দৰ্ভত গোলাঘাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে বিস্ফোৰণৰ ঘটনাটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং গঁড় চিকাৰত জড়িত নাইবা কোনো ড্ৰাগছ মাফিয়া জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে এই সন্দৰ্ভত আজি বোকাখাত আৰক্ষীয়ে সোঁধাপোচাৰ বাবে দুজন লোকক আটক কৰিছে।