/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9db0e08a-96f3-49b5-81d1-2d91aa1a2476/far.jpg)
ডিজিটেল সংবাদ, বোকাখাত: ৰাজ্যত আৰম্ভ হৈছে ৰবি শস্যৰ বতৰ। দুটাকৈ প্ৰলয়ংকাৰী বানপানীয়ে ৰাজ্যখনৰ ধান খেতিৰ পথাৰ সমুহ বিধ্বস্ত কৰি যোৱাৰ পাছত ঘাইকৈ এই বছৰ বোকাখাতৰ কৃষকে সপোন দেখিছে ৰবি শস্যৰ পথাৰকলৈ।
তেনে সময়তে অৰ্থাৎ কৃষি মন্ত্ৰীৰ সমষ্টি বোকাখাতৰ কৃষক ৰাইজ ৰবি শস্যৰ পথাৰত নমাৰ আগে আগে মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ কেতবোৰ অবিবেচক কাণ্ডৰ বাবে আশ্চৰ্য প্ৰকাশ কৰিছে।
কাৰণ ৰবি শস্যৰ বাবে যাবতীয় বীজ সাৰ আদি কৃষকক যোগান ধৰাৰ নিয়ম মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা কিন্তু সম্প্ৰতি কৃষি মন্ত্ৰীৰ সমষ্টি বোকাখাতৰ মহকুমা কৃষি বিভাগৰ কাৰ্যালয় পৰা ৰবি শস্যৰ বাবে যিবোৰ বীজ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে সেয়া সমষ্টিটোৰ কৃষক ৰাইজৰ মতে মুঠেও সমষ্টিটোৰ মাটি আৰু পাৰিপাৰ্শ্বিকতাৰ বাবে উপযোগী নহয়।
কৃষকৰ অভিজ্ঞতা অনুসৰি নদী প্ৰধান বোকাখাতৰ মাটি আৰু পাৰিপাৰ্শ্বিকতাত তেনে বীজৰ উৎপাদন মুঠেও সন্তোষজনক নহয়। তেনে হ'লে কিহৰ বাবে এনে বীজৰ যোগানৰ ব্যৱস্থা?
কৃষি মন্ত্ৰী অতুল বৰাই বোকাখাতত দুটাকৈ কাৰ্যকাল দখল কৰাৰ পাছত হাস্যকৰ ভাবে বোকাখাতৰ কৃষকক মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা কৃষকক যোগান ধৰি থকা হৈছে বাদমৰ বীজ য'ত নেকি বোকাখাতৰ কৃষকে নকৰে বাদামৰ খেতি। উল্লেখযোগ্য এই বৰ্ষতো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা ৯৮ কুইণ্টল বাদামৰ বীজ কৃষকক যোগান ধৰিবলৈ মজুত কৰা হৈছে।
"আমাৰ বোকাখাত সমষ্টিৰ কৃষকে বাদামৰ খেতি কৰা আমি দেখা নাই, আমি নিজেও বাদামৰ খেতি নকৰো। কাৰণ আমাৰ ইয়াৰ মাটি বাদাম খেতিৰ বাবে উপযোগী নহয়, কিন্তু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা বাদামৰ বীজ দি থকা হৈছে, য'ত নেকি কৃষকে বাদামৰ খেতি নকৰেই তেনে বীজৰ যোগান কিয়?"- কুৰুৱাবাহীৰ প্ৰগতিশীল কৃষক মন্তু বৰাই ক'লে এনেদৰে।
বিগত সময়চোৱাত বাদাম খেতি কৰি বোকাখাতৰ কৃষক উপকৃত হোৱাৰ কোনো নজিৰ নথকাৰ পৰিপ্ৰক্ষিতত কাক সন্তুষ্ট কৰিবলৈ কৃষি বিভাগে বাৰে বাৰে বাদামৰ বীজ ক্ৰয় কৰি কৰি কৃষকক যোগান ধৰাৰ ব্যৱস্থা কৰিছে ? মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে আচলতে কোন বৃহৎ পুজিপতিক সন্তুষ্ট কৰিবলৈ এই ব্যৱস্থা কৰিছে? এয়া বোকাখাতৰ কৃষকৰ বাবে বৰ্তমান হৈ পৰিছে অবুজ সাথৰ...।ইফালে কৃষকৰ নামত অহা বাদামৰ বীজ বিগত বৰ্ষত কুইণ্টলে কুইণ্টলে কলা বজাৰত বিক্ৰি হোৱাৰো অভিযোগ আছে।
আনহাতে বোকাখাতৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা শেহতীয়াকৈ কৃষকক দি থকা নহৰুৰ বীজৰ ক্ষেত্ৰটো চিন্তিত হৈছে কৃষক সমাজ। কৃষকৰ অভিযোগ অনুসৰি উক্ত বীজ বোকাখাত সমষ্টিৰ কৃষিভূমিৰ বাবে উপযোগী নহয়।
"কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা বিনামূলীয়াকৈ দিয়া নহৰুৰ বীজ বহু সময়ত কলা বজাৰতো উপলব্ধ হৈ পৰাৰ বাবে আমাৰ থলুৱা নহৰুৰ বীজ আমি উপযুক্ত মূল্যত বজাৰত বিক্ৰি কৰিব পৰা নাই।"- আন এজন কৃষকৰ মন্তব্য।
উল্লেখযোগ্য যে, বোকাখাত সমষ্টিৰ বহু কৃষকৰ ভড়ালত বৰ্তমানেও হাজাৰ কুইণ্টল থলুৱা নহৰুৰ বীজ সংৰক্ষিত হৈ আছে যি বোৰ ৰবি শস্যৰ বীজৰ বজাৰত উপযুক্ত মূল্যৰ অভাৱত কৃষকে বিক্ৰি কৰিব পৰা নাই।