/asomiyapratidin/media/media_files/2025/07/31/jkkjojo-2025-07-31-13-05-35.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত কুৰুৱাবাহীৰ এটি সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'কলা সংস্কৃতি বিকাশ কেন্দ্ৰ' আৰু 'সমলয় মইনা পাৰিজাত'ৰ উদ্যোগত ১০ জুলাইৰ পৰা ২০ দিনীয়াকৈ অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালাৰ বুধবাৰে সফল ভাৱে সামৰণি পৰে।
সেই উপলক্ষে বুধবাৰে সন্ধিয়া 'কলা সংস্কৃতি বিকাশ কেন্দ্ৰ'ৰ স্থায়ী প্ৰেক্ষাগৃহত প্ৰতিকূল বতৰকো নেওচি ভালেসংখ্যক দৰ্শকৰ উপস্থিতিত মঞ্চস্থ হয় দুখনকৈ শিশু নাট গুঞ্জন ভৰালীৰ দ্বাৰা ৰচিত 'লাইট,কেমেৰা,একশ্যন' আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি সাধু আধাৰিত 'শিয়ালৰ বুদ্ধি কথা বুঢ়া-বুঢ়ীৰ বিৰহ বেথা'। দুয়োখন নাটৰে পৰিচালনা আছিল কৰ্মশালাটিৰ প্ৰশিক্ষক উদীয়মান কবি-পৰিচালক-অভিনেতা প্ৰিয়াংশু প্ৰাঞ্জলৰ।
কলা সংস্কৃতি কেন্দ্ৰৰ সম্পাদক, শিক্ষক প্ৰশান্ত শৰ্মা আৰু সমলয় মইনা পাৰিজাতৰ সম্পাদিকা নন্দিতা বৰায়ে আঁত ধৰা কৰ্মশালাটিৰ সামৰণি অনুস্থানটিৰ উদ্বোধন কৰে গৰীয়া বৰপথাৰৰ মাহাৰা সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট শিল্পী গৌতম গোস্বামী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, জিলা পৰিষদৰ সদস্যা মামনী গাজলুৱে। এই অনুষ্ঠানত বোকাখাতৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, মঞ্চস্থ হোৱা 'লাইট কেমেৰা একশ্যন' নাটখনিত সস্তীয়া মনোৰঞ্জনৰ বিপৰিতে গছ, ফুল, সামূহিক ঐক্য আদিহে যে শিশু সকলৰ বাবে নিৰাপদ আৰু মনস্তাত্ত্বিক বিকাশৰ উপযোগী, নাট্যকাৰৰ সেই বক্তব্যক শিশুসকলৰ অভিনয়ে সুন্দৰকৈ উপস্থাপন কৰিবলৈ সক্ষম হয়। আনহাতে আনখন নাট 'শিয়ালৰ বুদ্ধি কথা বুঢ়া-বুঢ়ীৰ বিৰহ বেথা'তো শিশুসকলৰ অভিনয় প্ৰতিভা বিকশিত কৰি তোলাত প্ৰশিক্ষক- পৰিচালক সফল হৈছে বুলি মত প্ৰকাশ কৰে উপস্থিত দৰ্শকসকলে। নাট মঞ্চায়ণৰ অন্তত কৰ্মশালাত অংশ লোৱা ২০ গৰাকী শিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।