/asomiyapratidin/media/media_files/2025/08/01/ddesdsdw-2025-08-01-17-54-45.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত সমজিলাৰ গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি অহা ধনশিৰি নদীৰ কাষৰীয়া বান বিধ্বস্ত কুৰুৱাবাহীৰ চিনাকান অঞ্চলৰ এটা পথে দীৰ্ঘদিনৰ পৰা জুৰুলা কৰি আহিছে স্থানীয় ৰাইজক।
পথটো জোখৰ লেখেৰে মাত্ৰ তিনিশ মিটাৰ দৈৰ্ঘ্যৰ যদিও এটি বিস্তীৰ্ণ কৃষিপ্ৰধান অঞ্চলৰ কৃষকসকলৰ বাবে এই পথটিয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে। কিন্তু পথটো অতি ঠেক আৰু এজাক বৰষুণতেই বোকাময় হৈ পৰাৰ বাবে দীৰ্ঘদিনৰ পৰা সমস্যাত ভুগি আহিছে উক্ত অঞ্চলৰ কৃষকসকল।
ইয়াৰ উপৰিও গোলাঘাট জিলাখনৰে এটি আদৰ্শ মৌ পালন ক্ষেত্ৰ - PAPUMONI HONEY BEE APIARY লৈও এই পথেৰেই যাতায়ত কৰিব লগীয়া হয় যদিও বিভিন্ন সময়ত এই আদৰ্শ মৌ পালন ক্ষেত্ৰখনলৈ ক্ষেত্ৰবিভিত্তিক অধ্যয়ণৰ বাবে অহা গৱেষক ছাত্ৰ ছাত্ৰী, বিভাগীয় লোক, ব্যৱসায়ী আৰু গ্ৰাহক সকলে সমস্যাৰ সন্মুখীন হৈ আহিছে।
উল্লেখযোগ্য যে, ২০২৩ চনৰ ২৮ ডিচেম্বৰত কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা উক্ত PAPUMONI HONEY BEE APIARY খন ভ্ৰমণ কৰি পথটোৰ ক্ষেত্ৰত অতি সোনকালে যাবতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া মাত্ৰ প্ৰতিশ্ৰুতিয়েই হৈ থাকিল। বৰ্তমানেও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে মন্ত্ৰী গৰাকীয়ে।
ইয়াৰ উপৰিও পথটো যাতায়তৰ সূচল হোৱাকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি যাবতীয় কামকাজ আগবঢ়োৱা হৈছে বুলি ২০১৩-১৮ চনলৈ সেই সময়ৰ কংগ্ৰেছৰ দখলত থকা কুৰুৱাবাহী গাঁও পঞ্চায়তৰ তৰফৰ পৰাও চিনাকানবাসী ৰাইজক জানিবলৈ দিছিল যদিও পথটোৰ নিৰ্মাণ নহ'ল। পৰৱৰ্তী সময়ত ২০১৯ -২৪ লৈ শাসনাধিষ্ট বিজেপিৰ দখললৈ অহা কুৰুৱাবাহী পঞ্চায়তখনেও পথটোৰ ক্ষেত্ৰত কোনো পদক্ষেপ আগ নবঢ়ালে। ফলত অজিও অত্যন্ত বিধ্বস্ত অৱস্থাতেই থাকি গ'ল পথটো। শীঘ্ৰেই পথটো নিৰ্মাণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।