বোকাখাতত ডাম্পাৰৰ দৌৰাত্ম্যঃ থিতাতে নিহত এটি শিশু

বোকাখাতৰ ৰাজপথত তীব্ৰ বেগী ডাম্পাৰৰ দৌৰাত্ম্য ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে। এখন বালি ভৰ্তি ডাম্পাৰে খুন্দিওৱাৰ ফলত থিতাতে নিহত এটি শিশু।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বোকাখাতঃ ৰাজ্যত অব্যাহত আছে যমদূতৰূপী ডাম্পাৰৰ দৌৰাত্ম্য। বোকাখাতৰ ৰাজপথত তীব্ৰ বেগী ডাম্পাৰৰ দৌৰাত্ম্য ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে। শেহতীয়াকৈ বোকাখাতৰ ৰাজপথত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমূহৰ অন্যতম কাৰণ হৈ পৰিছে এই ডাম্পাৰসমূহ । 

2

উল্লেখ্য যে,  পুৱাৰ ভাগত এখন তীব্ৰবেগী ডাম্পাৰৰ বাবেই বোকাখাতৰ বিহৰাত সংঘটিত হয় এক শোকাৱহ ঘটনা। বিহৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ASO5AC 7145 নম্বৰৰ এখন বালি ভৰ্তি ডাম্পাৰে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয় অংগনবাড়ীত অধ্যয়নৰত এটি কণমানি শিশু। অভিভাৱকৰ সৈতে বিহৰাৰ এটি অংগনৱাড়ী কেন্দ্ৰলৈ আহি থকা অৱস্থাতেই শিশুটিক খুন্দিয়াই ডাম্পাৰখনে। স্থানীয় ৰাইজে ডাম্পাৰখন আৱদ্ধ কৰিবলৈ সক্ষম হয় যদিও ডাম্পাৰখনৰ চালক আৰু সহায়কজনে ঘটনাস্থলীতৰ পৰা পলায়ন কৰে। মৃত শিশুটি বিহৰা চাহ বাগিছাৰ ১২ নম্বৰ আবাসিক এলেকাৰ বিজয় মুণ্ডাৰ পুত্ৰ জানিব পৰা গৈছে। ঘটনাটো সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলে। অৱশ্যে পৰৱৰ্তী সময়ত বোকাখাত যান বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰে।

বোকাখাত ডাম্পাৰৰ খুন্দা