/asomiyapratidin/media/media_files/2025/06/27/uyjj-2025-06-27-09-00-14.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ গ্ৰীষ্মৰ দিনবোৰত সাধাৰণতে মাখিৰ উৎপাত বৃদ্ধি হয় যদিও তুলনামূলকভাৱে বিগত দুই-তিনিবছৰৰ পৰা বোকাখাত সমজিলাৰ কুৰুৱাবাহীত মাখিৰ উৎপাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে। পৰ্যায় এনেকুৱা পাইছেগৈ যে কোনো মানুহৰ ঘৰত মাখিনাশক ঔষধ বা ধোঁৱাৰ ব্যৱস্থা নকৰিলে মানুহ ৰৈ থাকিব নোৱাৰা অৱস্থা হৈছেগৈ।
উল্লেখযোগ্য যে কুৰুৱাবাহীৰ গ্ৰামাঞ্চল সমূহত কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত ব্ৰইলাৰ ফাৰ্মসমূহৰ দূষিত পৰিৱেশেই এই অত্যধিক মাখিৰ উৎপত্তিৰ কাৰণ হিছাপে চিহ্নিত কৰিছে ভুক্তভোগী গাঁওবাসীয়ে। এই ব্ৰইলাৰ ফাৰ্মসমূহ জনাঞ্চলৰ পৰা আঁতৰত স্থাপন কৰি লাগে যদিও অধিকাংশই জনাঞ্চলৰ নিচেই কাষতেই গঢ়ি তুলিছে এই ফাৰ্মসমূহ। ফলত ফাৰ্মসমূহৰ পৰা নিৰ্গত উৎকট দুৰ্গন্ধ আৰু মলৰ বাবেই অভাৱনীয় হাৰত মাখিৰ বৃদ্ধিয়ে গাঁওবাসীক অতিষ্ঠ কৰি তুলিছে। অঞ্চলটোৰ মেৰকান, নগঁঞা, শিঙাদৰীয়া, চিনাকান, ১নং পৰঙনীয়া, কুৰুৱাবাহী সত্ৰ আদি গাঁৱত এই মাখিৰ উৎপাত অভাৱনীয়।
একাংশ গাঁওবাসীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে কুৰুৱাবাহীৰ কিছু কিছু অঞ্চলত এই মাখিৰ উৎপাতৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে গাঁওবাসী । বিশেষকৈ শিশু আৰু চেমনীয়াৰ মাজত এই আক্ৰান্তৰ সংখ্যা অধিক বুলিও জানিবলৈ দিছে একাংশ অভিভাৱকে। ভুক্তভোগী গাঁওবাসীৰ অভিযোগ অনুসৰি এই ব্ৰয়লাৰ ফাৰ্মসমূহত কোনো বিজ্ঞানসন্মত পদ্ধতি পালন কৰা হোৱা নাই বাবেই অভাৱনীয় হাৰত মাখিৰ বৃদ্ধি হৈছে।
"ফাৰ্মৰ মালিকসকলে কাৰো কথা নুশুনে । কেৱল নিজৰ মুনাফাৰ বাবেই জধেমধে ফাৰ্ম খুলি টকা ঘটিছে। ইপিনে চাৰিওফালে দুৰ্গন্ধ আৰু বেমাৰৰ বীজাণু বিয়পি গৈছে, কাৰো কানসাৰ নাই" - এগৰাকী ভুক্তভোগী গাঁওবাসীৰ মন্তব্য।
এই ক্ষেত্ৰত ভুক্তভোগী গাঁওবাসীয়ে বোকাখাত সমজিলা প্ৰশাসনৰ তৰফৰ পৰা কুৰুৱাবাহীৰ ব্ৰইলাৰ ফাৰ্মসমূহৰ ওপৰত শীঘ্ৰেই এক ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।