বোকাজানত কাৰ নেতৃত্বত চলে শিলৰ ছিণ্ডিকেট?

বোকাজানৰ পৰা বাংলাদেশ। বোকাজানত একাংশ অসাধু ব্যৱসায়ীৰ শিলৰ ৰমৰমীয়া বেহা। কিন্তু বোকাজানত পূৰ্বৰে পৰা কোনো অনুমতি নোহোৱাকৈ খোদ ষ্টেচন কৰ্তৃপক্ষৰ সহযোগত চলি আহিছে শিলৰ অবৈধ সৰবৰাহ।

author-image
Asomiya Pratidin
New Update
বোকাজানত কাৰ নেতৃত্বত চলে শিলৰ ছিণ্ডিকেট?

ডিজিটেল সংবাদ, বোকাজান: বোকাজানৰ পৰা বাংলাদেশ। বোকাজানত একাংশ অসাধু ব্যৱসায়ীৰ শিলৰ ৰমৰমীয়া বেহা। ৰেলৱেৰ নিয়ম অনুসৰি নিশা ৰেল ষ্টেচনত অনুমতি নোহোৱাকৈ কোনোধৰণৰ ব্যৱসায়িক সামগ্ৰী লোড তথা আনলোড কৰিব নোৱাৰি নিশাৰ ভাগত।

Advertisment

কিন্তু বোকাজানত পূৰ্বৰে পৰা কোনো অনুমতি নোহোৱাকৈ খোদ ষ্টেচন কৰ্তৃপক্ষৰ সহযোগত চলি আহিছে শিলৰ অবৈধ সৰবৰাহ। নিশা ১ বজা পৰ্যন্ত চকু মুদা কুলিৰ ভাওত ৰেল আৰক্ষী তথা ষ্টেচন কৰ্তৃপক্ষ। ৫ খনকৈ বুলডজাৰে শিল তুলি থকা দৃশ্য কেমেৰাত বন্দী হোৱাৰ লগে লগে নিশা ১ বজাত কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ষ্টেচন অধীক্ষকে।

সাংবাদিকে কেনেকৈ নিশা কাম চলি আছে বুলি প্ৰশ্ন কৰাত ষ্টেচন অধীক্ষক গৰাকীয়ে একো নাজানো বুলি দায় সৰা মন্তব্য কৰে আৰু এই বৈষয়ে অৱগত নহয় বুলি কয় । প্ৰশ্ন হয় ষ্টেচন অধীক্ষক গৰাকীয়ে যদি নাজানে তেন্তে কেনে ধৰণৰ কৰ্তব্য পালন কৰি আহিছে ষ্টেচন অধীক্ষক গৰাকীয়ে।

আৰু পঢ়ক: ভাৰতীয় গৰ্ভৱতী মহিলাৰ মৃত্যুৰ পাছতে পদত্যাগ পৰ্টুগালৰ স্বাস্থ্যমন্ত্ৰীৰ…

assam stone bokajan