মূল্যবান খনিজ সম্পদ এক্সপ’ৰ্টেৰে দিছপুৰ-ডিফু চৰকাৰে ৬০-৪০ শতাংশকৈ ভগাই ল’ব ধন…

মূল্যবান খনিজ সম্পদ এক্সপ’ৰ্টেৰে দিছপুৰ-ডিফু চৰকাৰে ৬০-৪০ শতাংশকৈ ভগাই ল’ব ধন…

author-image
asomiyapratidin
New Update
মূল্যবান খনিজ সম্পদ এক্সপ’ৰ্টেৰে দিছপুৰ-ডিফু চৰকাৰে ৬০-৪০ শতাংশকৈ ভগাই ল’ব ধন…

ডিজিটেল ডেস্ক : পাৰ্বত্য ভূমিৰ বহুমূলীয়া খনিজাত সম্পদসমূহৰ আইনসিদ্ধভাৱেই খনন আৰু চালানৰ বেহাৰ অনুমোদন প্ৰদানৰ এক বাতৰি পূৰ্বে সম্প্ৰচাৰিত হৈছিল অসমীয়া প্ৰতিদিন ডিজিটেল মাধ্যমত। তাৰ পাছতেই শুকুৰবাৰে অসম চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰীৰ উন্নয়ন নিগম আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মাজত ডিফু বৃক্ষ আৰু উদ্যান কেন্দ্ৰত এক বুজাবুজি চুক্তি সম্পন্ন হয়।

Advertisment

এই সম্পদ সমূহৰ খনন আৰু চালানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ আৰু বতৰ মন্ত্ৰালয়ে অনুমোদন জনাইছিল। খনিজ সম্পদৰ কাষ্টমেৰী ল'ৰ অজুহাত দেখুৱাই কেন্দ্ৰীয় চৰকাৰে কয়লা মাটিৰ ব্লকত খনন কাৰ্য চলাই আহিছে। কেইবছৰ মানৰ পূৰ্বে এই কথা পোহৰলৈ অহাৰ পাছত সংবাদ মাধ্যমৰ লগতে পৰিৱেশ কৰ্মী সকলেও ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি বিভিন্ন কৰ্তৃপক্ষলৈ তথ্য প্ৰেৰণ কৰিছিল।

গোপনে দীৰ্ঘদিন ধৰি বহি ৰাজ্যলৈ চালান হৈ আহিছিল ক'লা হীৰাতকৈও মূল্যবান মেংগানীজ, কোৱাৰ্টাইজ, চিনিকনাইটকে ধৰি বহুমূলীয়া পাথৰ। এই সম্পদেৰে দেশী-বিদেশী কাৰখানাত তৈয়াৰ হৈছিল অতিকে মূল্যবান ফুলদানী, বিভিন্ন পক্ষীৰ বাঁহ, নৃত্যৰতাৰ প্ৰতিমূৰ্তি তথা অন্যান্য সা-সমগ্ৰী।

বোকাজানৰ বহু কয়লা মাটিত ভূগৰ্ভস্থ সম্পদক খনন কৰি বহি ৰাজ্যলৈ চালান কৰি থকা হৈছিল। এই ক্ষেত্ৰত শুকুৰবাৰে বুজাবুজি চুক্তিখন অনুষ্ঠিত হয়। চুক্তিত ব্লকত মূল্যবান খনিজ সম্পদ এক্সপ'ৰ্টেৰে দিছপুৰ-ডিফু চৰকাৰে ধন ভগাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ডেভিদ ফাংচৌক খনিজাত সম্পদৰ আৱন্টনৰ অনুমোদন দি ডিফুত আনুষ্ঠানিকতা সম্পন্ন কৰা হয়। এই খনিজাত সামগ্ৰী আৱন্টনত ডেভিদ ফাংচৌৰ সৈতে দ্বীপ শইকীয়াও জড়িত আছে। উক্ত চুক্তিত মিলিত হয় অসম চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰী, শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।

সংবাদ মাধ্যমৰ আগত তুলিৰাম ৰংহাঙে কয় যে উক্ত বুজাবুজি চুক্তিৰ ফলত কাৰ্বি আংলঙে ৬০ শতাংশ আৰু ৰাজ্য চৰকাৰে ৪০ শতাংশ  ৰাজহ লাভ কৰিব। ক্ৰমন্নয়ে জিলাখনে ৭০ শতাংশৰ পৰা ৯০ শতাংশলৈকে খনি আৰু খনিজাত সামগ্ৰীৰ বাবে ৰাজহ লাভ কৰিব। খনিজাত সামগ্ৰীৰ পৰা লাভ কৰা ৰাজহ কাৰ্বি আংলংৰ উন্নয়ন আৰু বিকাশত খৰচ কৰা হ'ব বুলিও মন্তব্য কৰে ৰংহাঙে।

আনহাতে বনাঞ্চল ধ্বংস নোহোৱাকৈ খনিজাত সামগ্ৰীৰ খনন কাৰ্য্য চলোৱা হ'ব আৰু কয়লাৰ লগতে গ্ৰেনাইড, চুনশিল আদি খনন কাৰ্য্যৰ পৰা আহৰণ কৰা হ'ব বুলি জানিব দিয়ে।

assam Assam police