লাহৰীজানত ভয়ংকৰ অগ্নিকাণ্ডঃ জাহ গ'ল কেবাটাও বাসগৃহ

অগ্নিকাণ্ডত কেবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত পৰিস্থিতি অতি ভয়াবহ হৈ পৰে ৷ অৱশ্যে নগালেণ্ডৰ ডিমাপুৰ আৰু বোকাজানৰ অগ্নি আৰু দুৰ্যোগ প্ৰশমণ বিভাগে অগ্নি নিয়ন্ত্ৰণ কৰে ৷ ইফালে এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

author-image
Asomiya Pratidin
New Update
   মংম

ডিজিটেল সংবাদ,বোকাজান: অসম নগালেণ্ড সীমান্তৰ লাহৰীজানৰ দুদু কলনীত শনিবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত প্ৰায় শতাধিক বাসগৃহ ধ্বংস হোৱাৰ লগতে লক্ষাধিক টকাৰ সম্পত্তি জুঁইত জাহ যায় ৷

এই অগ্নিকাণ্ডত কেবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত পৰিস্থিতি অতি ভয়াবহ হৈ পৰে ৷ অৱশ্যে নগালেণ্ডৰ ডিমাপুৰ আৰু বোকাজানৰ অগ্নি আৰু দুৰ্যোগ প্ৰশমণ বিভাগে অগ্নি নিয়ন্ত্ৰণ কৰে ৷ ইফালে এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে পূৰ্বতে এই অঞ্চলটোত অবৈধভাবে বেদখল কৰা লোকসকলৰ বাসগৃহ উচ্ছেদ কৰা হৈছিল। পুনৰ একাংশ সন্দেহজনক নাগৰিকে বাঁহ আৰু তৰ্জা বেৰেৰে অবৈধভাবে বাসগৃহ নিৰ্মাণ কৰিবলৈ লৈছিল ৷ কিদৰে উচ্ছেদ হোৱা অঞ্চল পুনৰ বেদখলকাৰীৰ কবলত পৰিছে সেয়াও এক চিন্তনীয় বিষয় হৈ পৰিছে ৷

অগ্নিকাণ্ড