/asomiyapratidin/media/media_files/2024/12/02/irAxvBaDccF1ov5ySiNk.jpg)
ডিজিটেল সংবাদ,বোকাজানঃ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ হাতীগড়ত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। AS-09-K -2284 নম্বৰৰ এখন তীব্ৰ বেগী বাইকে বোকাজানৰ পৰা ডিমাপুৰ দিশে গৈ থকা AS-09-AC-9400 নম্বৰৰ এখন অট'ত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।
নিহত বাইক আৰোহী গৰাকী ৰহণ টিমুং বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুৰ্ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই দুর্ঘটনাগ্ৰস্ত বাহনখন নিজৰ জিন্মাত লৈ নিহত বাইক আৰোহী গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।