কলকাতাৰ চিকিৎসক হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী 'বহুবাক'ৰ...

কলকাতাৰ চিকিৎসক হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী 'বহুবাক'ৰ...

author-image
Asomiya Pratidin
New Update
কলকাতাৰ চিকিৎসক হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী 'বহুবাক'ৰ...

ডিজিটেল সংবাদ, গুৱাহাটীঃ অতি নিশংস ভাৱে‌ ধৰ্ষণ কৰি হত্যা কৰা কলকাতাৰ‌ ৰাধা গোৱিন্দ কৰ‌ মেডিকেল কলেজ আৰু হাস্পতালৰ স্নাতকোত্তৰ শ্ৰেণীৰ চিকিৎসক ছাত্ৰী ডা: মৌমিতা দেৱনাথৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে ‌অসমৰ‌‌ অন্যতম সাহিত্য - সংস্কৃতিৰ সংগঠন ‌"বহুভাষিক সাহিত্য মঞ্চ, অসম" চমুকৈ "বহুবাক" এ।

Advertisment

এক প্ৰেছ বিবৃতিত বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই এক প্ৰেছ বিবৃতিত কয়- "এগৰাকী যুৱতী চিকিৎসকক নৰপিশাচৰ দলে এনেদৰে ৰামৰ জনমভূমি ভাৰতৰ বুকুত এইদৰে হত্যা কৰিলে,‌‌ আমাৰ ‌সপোনৰ অগোচৰত। ভাৰতৰ মহামহীম ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু সংশ্লিষ্ট ৰাজ্যৰ‌ ৰাজ্যপাল, মুখ্যমন্ত্ৰীক আমাৰ বিনম্ৰ‌ অনুৰোধ চিকিৎসক হত্যাকাৰীক‌‌ অচিৰেই গ্ৰেপ্তাৰ কৰি কঠোৰৰ‌ পৰা কঠোৰ শাস্তি বিহিব‌ লাগে ।

নতুন দিল্লী লগতে পশ্চিমবঙ্গৰ কোনো আইনজীৱীয়ে অপৰাধীৰ হকে কোনো গোচৰ ‌নচলায়, তাৰ বাবেও বিনম্ৰ অনুৰোধ জনায়।" একেটা বিবৃতিতে বহুবাকৰ প্ৰধান সম্পাদক শ্ৰীশৰ্মাই কয়- অসম, উত্তৰ পূৰ্বাঞ্চল লগতে ভাৰতৰ প্ৰতিগৰাকী নাৰীক সুৰক্ষিত লগতে ধৰ্ষণ,‌ বলাৎকাৰ বা নৃশংসতাৰ বলি হ'বলগীয়া নহয় তাৰবাবে ‌প্ৰতি ৰাজ্যৰ চৰকাৰে আইন প্ৰণয়ন কৰিব লাগে। এনেকুৱা জঘন্য কাণ্ডৰ স'তে জড়িত লোকসকলক চিনাক্ত হোৱাৰ লগে লগে ৰাজহুৱাভাৱে কঠোৰৰ কঠোৰ শাস্তি বিহিব‌লৈ দাবী উত্থাপন কৰে।

আনহাতে কলকাতাৰ চিকিৎসক ডাঃ মৌমিতা দেৱনাথৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব‌লৈ দাবী জনাইছে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ‌সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী,‌ অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম শিশু সাহিত্য সমাজ,‌ পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী সংগঠন‌ "ৰং", বিশিষ্ট চিন্তাবিদ বাসুদেৱ মালী আদি‌ দল-সংগঠনে।

Also Read: বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে এজাহাৰ...

'বহুবাক'