বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে এজাহাৰ...

বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে এজাহাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে এবিএমছুৱে অৱশেষত এজাহাৰ দাখিল কৰিছে । বিভিন্ন সময়ত সাম্প্ৰদায়িক উচটনিমুলক বক্তব্য ৰাখি পৰিৱেশ বিনষ্ট কৰা বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে আজি এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি নজৰুল ইছলামে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ।

কোকৰাঝাৰ সদৰ থানাত এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি নজৰুল ইছলামে দাখিল কৰা এজাহাৰত উল্লেখ কৰে যে কালি ১৫ আগষ্ট , স্বাধীনতা দিৱস উপলক্ষে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ উদ্যোগত মাগুৰমাৰীৰ পৰা ফকিৰাগ্ৰাম পুৰণি বজাৰ হাইস্কুল খেলপথাৰলৈ এক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল । উক্ত মাৰাথন দৌৰত প্ৰথম ৭০ জনক ৫০০০ টকাকৈ পুৰষ্কাৰ হিচাপে দিয়া হ'ব বুলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক অৱগত কৰে ।

কিন্তু বহুসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাত পুৰষ্কাৰৰ ধন ৫০০০ টকাৰ পৰা ১০০০ টকালৈ হ্ৰাস কৰে আৰু অৰূপ কুমাৰ দে সেই স্থানৰ পৰা আতৰি যায় । অৰূপ কুমাৰ দে' আতৰি যোৱাৰ পিছত তাৰ সতীৰ্থসকলে প্ৰতিযোগীসকলক ১০০০ টকাৰ সলনি ৫০০ টকাকৈ দিবলৈ আৰম্ভ কৰে । প্ৰচণ্ড গৰম আৰু পিছত বতাহ বৰষুণৰ মাজত অংশগ্ৰহণ কৰি প্ৰতিযোগীসকল অৰূপ কুমাৰ দে'ৰ উক্ত সিদ্ধান্ত ক্ষোভিত হৈ পৰে আৰু ঘটনাস্থলীতে প্ৰতিবাদ আৰম্ভ কৰে ।

পিছত সেই প্ৰতিবাদে ভয়ংকৰ ৰূপ লয় আৰু এটা সময়ত পুৰণি বজাৰৰ খেলপথাৰৰ আচবাব-পত্ৰ ভাঙি চুৰ্ণাকৃত কৰে । উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত নিশা বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই ফেচবুক লাইভযোগে উক্ত ঘটনাক সাম্প্ৰদায়িকতাৰ ৰং সানি ঘটনাটোত মুছলমান যুৱক জড়িত বুলি উদ্ভদ আৰু সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায়।

এজাহাৰত উল্লেখ কৰা মতে অৰূপ কুমাৰ দে'ই পূৰ্বতেও সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই আহিছে যিয়ে নেকি অঞ্চলটোত বসৱাস কৰা বিভিন্ন জাতি -জনগোষ্ঠীৰ মাজত এক বিৰূপ প্ৰভাৱ পেলোৱা বুলি অভিযোগ উত্থাপন কৰিছে । বিটিআৰত বসৱাস কৰা বিভিন্ন জাতি -জনগোষ্ঠী , সম্প্ৰদায়ৰ মাজত যাতে কোনোধৰণৰ সাম্প্ৰদায়িক ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে বিটিচিৰ কাৰ্যবাহী অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকক এজাহাৰকাৰী নজৰুল ইছলামে দাবী জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in