বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৬তম প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁও জিলাৰ বঢ়মপুৰৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ঐতিহ্যমণ্ডিত বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি ৭৬ তম প্ৰতিষ্ঠা দিৱসটি উলহ-মালহৰে উদযাপন কৰা হয়। ইতিমধ্যে মহাৰজত

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰ

বঢ়মপুৰ Photograph: (বঢ়মপুৰ)

ডিজিটেল সংবাদ , বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ঐতিহ্যমণ্ডিত বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি ৭৬ তম প্ৰতিষ্ঠা দিৱসটি উলহ-মালহৰে উদযাপন কৰা হয়। ইতিমধ্যে মহাৰজত জয়ন্তী গৰকা বিদ্যালয়খনৰ ৭৬ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি পুৱাই বিদ্যালয়ৰ চৌহদত  ৭৫ খন পতাকা উত্তোলন কৰা হয় ।

Advertisment

ইয়াৰ পাছতে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি হেমকান্ত হাজৰিকাৰ প্ৰতিমূৰ্ত্তি , বঢ়মপুৰৰ বীৰ চাৰি শ্বহীদৰ বেদী আৰু বিদ্যালয়ৰ চৌহদত থকা জাতীয় শ্বহীদ বেদীত বন্তি প্ৰজ্বলন , পুষ্পাঞ্জলি প্ৰদান আৰু মাল্যাপৰ্ণ অনুষ্ঠান সম্পন্ন হয় । ইয়াৰ পাছতে বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা বঢ়মপুৰৰ আকাশ -বতাহ মুখৰিত কৰি  এক বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় ।

এই শোভাযাত্ৰাত  অসমৰ জাতীয় কৃষ্টি- সংস্কৃতি-পৰম্পৰা যেনে - বিহু ,  ভাওনা ,  সত্ৰীয়া নৃত্য , জয়মতীৰ আত্মত্যাগ , অসমৰ জাতি জনগোষ্ঠীৰ বিভিন্ন উৎসৱ , খেল - ধেমালি আদি জীৱন্ত ৰূপত উপস্থাপন কৰি বঢ়মপুৰৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ।

নগাঁও চহৰ