বিহালীত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ শৈক্ষিক,সাংস্কৃতিক আৰু উত্তৰণ সভা...

আজি বিহালী বৰগাঙস্থিত বৰগাং নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় সভা পুৱা ১১ বজাত গৃহত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্যতম শাখা বৰগাং কেন্দ্ৰৰ উদ্যোগত জুনৰ

author-image
Asomiya Pratidin
New Update
AP FOR WEB new format copy

ডিজিটেল সংবাদ, বিহালীঃ আজি বিহালী বৰগাঙস্থিত বৰগাং নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় সভা পুৱা ১১ বজাত গৃহত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্যতম শাখা বৰগাং কেন্দ্ৰৰ উদ্যোগত জুনৰ মাহৰ "শৈক্ষিক,সাংস্কৃতিক আৰু উত্তৰণ সভা"খন অনুষ্ঠিত হৈ যায়।

Advertisment

বৰগাং কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক লক্ষেশ্বৰ ওৰাঙে আঁত ধৰা আৰু বৰগাং কেন্দ্ৰৰ স্থায়ী সভাপতি ৰঘু ৰাজোৱাৰে সভাপতিত্ব কৰে৷  সভাখনত অতিথি হিচাপে উপস্থিত থাকে বিহালী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাস,খণ্ড সমল ব্যক্তিদ্বয়  পলাশজ্যোতি দাস আৰু হৃদয়জ্যোতি বৈশ্য,শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য দেৱনাথ মিলি,স্থানীয় সমাজকৰ্মী উপেন দাস।

শিক্ষা বিষয়া মিলন দাসে নাতিদীৰ্ঘ সাৰুৱা বক্তব্য ডাঙি ধৰে৷ বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ. সামগ্ৰিক উত্তৰণ বাবে সকলোকে সুন্দৰকৈ কাম কৰিবলৈ কেতবোৰ পৰামৰ্শ আগবঢ়োৱাৰ উপৰিও  শিক্ষক সকলৰ চাৰ্ভিচ বুক, চুটি আদি সন্দৰ্ভত থকা সমস্যা সমাধানৰো আশ্বাস প্ৰদান কৰে৷ সভাখনত সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ৰিছু ইংতি আৰু শিক্ষক প্ৰদীপ বৰাক একোখনকৈ ফুলাম গামোছা, কীৰ্ত্তণ পুথি আৰু সংবৰ্ধন পত্ৰৰে ৰাজহুৱাভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।  বৰগাং প্ৰাথমিক শিক্ষক সন্মিলনীৰ ন্যাস সম্পাদক দিগন্ত দাসে আঁত ধৰে৷
সভাত বিদায়ী শিক্ষক ৰিছু ইংতি আৰু প্ৰদীপ বৰাই নিজৰ কৰ্মজীৱন সুঁৱৰি আৱেগিক বক্তব্য ৰাখি নষ্টালজিক হৈ পৰে। শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য দেৱনাথ মিলি,শিক্ষক ঈৰছাদ আলি,খণ্ড সমল কেন্দ্ৰ সমন্বয়ক মিহিৰ চৌধুৰী,ঈশ্বৰ উপাধ্যায়,বাবুল দাসে সভাত  সাংগঠনিক আৰু শৈক্ষিক বিষয়ত বক্তব্য ডাঙি ধৰে।

বৰগাং নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিজুলী দেৱী দাস,শিক্ষয়িত্ৰী ৰাণী শৰ্মা, জ্ঞানশ্ৰী দত্ত,অৰ্পনা শইকীয়া দাসৰ ব্যৱস্থাপনাৰে অনুষ্ঠিত হোৱা সভাখনত সভাপতিৰ আসন অলংকৃত কৰা ৰঘু ৰাজুৱাৰে কেন্দ্ৰটোৰ শিক্ষক সকলৰ প্ৰচেষ্টাৰ শ'লাগ লয়৷

তদুপৰি সভাপতি ৰঘু ৰাজোৱাৰে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদত নিযুক্তি সন্দৰ্ভত শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা অধিসূচনা , বিশেষ নিযুক্তি প্ৰক্ৰিয়া চমুকৈ এচ আৰ ডিৰ জৰিয়তে নিয়মীয়া হোৱা টেট শিক্ষক সকলৰ বছৰেকীয়া বেতন বৃদ্ধিৰ ক্ষেত্ৰত থকা জটিলতা দূৰ কৰাৰ আশ্বাস দিয়াৰ বাবে শিক্ষা বিভাগ,শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ সভাত বৰগাং কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকল আৰু সহকাৰী শিক্ষক সকল উপস্থিত থাকে।

বিহালী