জামুগুৰিহাটৰ নবিল সন্মিলিত যুৱক সংঘৰ সৌজন্যত ব'হাগৰ এ‌নিশা  উদযাপন

জামুগুৰিহাটৰ তৌভঙা নবিল সন্মিলিত যুৱক যুৱক সংঘৰ সৌজন্যত মংগলবাৰে ব'হাগৰ এ‌নিশা  উদযাপন কৰা হয়। প্ৰথমে অনুষ্ঠিত হয় মূল সভা আৰু  বঁটা বিতৰণী অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ নবিল সন্মিলিত যুৱক সংঘৰ সৌজন্যত ব'হাগৰ এ‌নিশা  উদযাপন

জামুগুৰিহাটৰ নবিল সন্মিলিত যুৱক সংঘৰ সৌজন্যত ব'হাগৰ এ‌নিশা উদযাপন

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ তৌভঙা নবিল সন্মিলিত যুৱক যুৱক সংঘৰ সৌজন্যত মংগলবাৰে ব'হাগৰ এ‌নিশা  উদযাপন কৰা হয়। প্ৰথমে অনুষ্ঠিত হয় মূল সভা আৰু  বঁটা বিতৰণী অনুষ্ঠান।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰে শিক্ষক, সমাজকৰ্মী লক্ষীৰাম দাস, হৰকান্ত দাস, আনন্দ দাস, হৰকান্ত দৈমাৰী, পুষ্প কান্ত মেচ, অজিত দাস আৰু উদযাপন সমিতিৰ উপ সভাপতি শংকৰ দাসৰ লগতে বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পিছৰ সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীসকলে বিভিন্ন নৃত্য-গীত পৰিবেশন কৰাৰ লগতে মুখ্য আকৰ্ষণ শিল্পী দীক্ষিতা দত্তৰ গীতৰ শৰাই ৷

ইয়াৰ মাজতে স্থানীয় শিল্পী প্ৰকাশ প্ৰধানেও গীত পৰিবেশন কৰি হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে নবিল সন্মিলিত  যুৱক সংঘৰ সভাপতি  উত্তম দাস আৰু সম্পাদক বিদ্যানন্দ হিৰাই সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।

jamugurihat