/asomiyapratidin/media/media_files/2025/05/08/bZbRS1LrCc2G3lSXUj1B.jpg)
উৰিয়াগাঁৱত ব’হাগী উৎসৱ উদযাপন
ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু উৰিয়াগাঁও আঞ্চলিক যুৱকবৃন্দৰ সহযোগত বৃহস্পতিবাৰে বিভিন্ন কাৰ্যসূচীৰে উৰিয়াগাঁও খেলপথাৰত ব’হাগী উৎসৱ উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অন্তত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, বিহুৰ পতাকা উত্তোলন কৰে ক্ৰমে উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু উৰিয়াগাঁও আঞ্চলিক যুৱকবৃন্দৰ সভাপতি বিকি হাজৰিকাই।
ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কৰে উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰভাত বৰা আৰু ৰূপৰাম হাজৰিকাই। ব’হাগী উৎসৱৰ কাৰ্যসূচী অংশ হিচাপে দৌৰ, টেকেলী ভঙা, কলগছ বগোৱা, ৰছী টনা, হঁহা- কন্দা, পুখুৰী পাৰ, সংগীত চকী প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, বিয়লি ভেশছন প্ৰতিযোগিতা, একক বিহুনাচ প্ৰতিযোগিতা হয়।
নিশা বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই "বসন্তৰ এনিশা" শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি জানিব পৰা হৈছে।