/asomiyapratidin/media/media_files/2025/04/21/Q4XMOQxLMxZZIH7UN4Em.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত আজি ব'হাগ বিহু উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিতে দুটি কণমানিয়ে বিহু নৃত্য আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে।
আদৰণি ভাষন প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই নৱপ্ৰজন্মক আমাৰ চহকী সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে প্ৰতি বছৰে মহাবিদ্যালয়ৰ চৌহদত এইদৰে ৰঙালী বিহু অনুষ্ঠিত কৰি অহা হৈছে বুলি মন্তব্য কৰে। অনুষ্ঠানৰ জৰিয়তে তেওঁ সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপনো কৰে।
অধ্যাপক শ্বফিকুল ইছলামে আঁত ধৰা অনুষ্ঠানটি বিহুনাম, বিহুনাচ আদি কাৰ্য্যসূচীৰ উপৰিও পৰম্পৰাগত খেল, ধেমালি অনুষ্ঠিত কৰি আনন্দ উপভোগ কৰে। মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী, অতিথিসকলৰ উপস্থিতিত অনুষ্ঠিত বিহুৰ কাৰ্যসূচীৰ অন্তত থলুৱা জলপানেৰে সকলোকে আপ্যায়ন কৰা হয়।