/asomiyapratidin/media/media_files/2025/12/30/551-2025-12-30-12-34-27.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : গৌৰীপুৰৰবগৰিবাৰী উপ ডাক ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ঘটনা পোহৰলৈ আহিছে । ডাক ঘৰৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰে। তাৰোপৰি কোঠালীৰ ভিতৰত থকা কাগজ- পত্ৰৰ লগতে অন্যান্য সা-সামগ্রীও লণ্ড-ভণ্ড কৰে।
গৌৰীপুৰ আঠানি আৰক্ষী চকীৰ গাতে লাগি থকা বগৰিবাৰী উপ ডাক ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগক লৈ ইতিমধ্যে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে মঙলবাৰে পুৱা ডাকোৱালজনে কাৰ্য্যালয় খুলিব লওঁতে জুই জ্বলি থকা প্ৰত্যক্ষ কৰে।লগে লগে আঠানি আৰক্ষীক খবৰ দিয়াৰ আৰক্ষী ঘটনস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
অতিকৈ আশ্চৰ্য্যজনক কথাটো হৈছে, আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত দিন দুপুৰে চৰকাৰী প্ৰতিষ্ঠান এটাত কেনেকৈ দুৰ্বৃত্তই অগ্নিসংযোগ কৰিবলৈ পালে তাক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত ডাক পৰিদৰ্শক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আঠানি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us