তেজপুৰ- ঘগৰা চাহ বাগিচাত মৃতদেহ উদ্ধাৰ

স্থানীয় আকালু কল নামৰ লোকজনে গৰু এৰাল দিবলৈ যোৱাৰ সময়ত চাহ বাগিচাখনৰ শনিবৰীয়া সপ্তাহিক বজাৰৰ সমীপৰ এটা পুখুৰীত পৰি থকা অৱস্থাত অচিনাক্ত মহিলাগৰাকীৰ  মৃতদেহ প্ৰত্যক্ষ কৰে।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ তেজপুৰ ঘগৰা চাহ বাগিচাত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় আকালু কল নামৰ লোকজনে গৰু এৰাল দিবলৈ যোৱাৰ সময়ত চাহ বাগিচাখনৰ শনিবৰীয়া সপ্তাহিক বজাৰৰ সমীপৰ এটা পুখুৰীত পৰি থকা অৱস্থাত অচিনাক্ত মহিলাগৰাকীৰ  মৃতদেহ প্ৰত্যক্ষ কৰে।

মহিলাগৰাকী মৃতদেহ পুখুৰীটোৰ মাজত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত শালনীবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ পুখুৰীৰ মাজৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

উল্লেখযোগ্য যে, অৰ্দ্ধ উলংগ অৱস্থাত পৰি থকা মৃতদেহটোৰ পৰা ওলোৱা দুৰ্গন্ধই ঠাইখিনি ছানি ধৰে । মৃত মহিলাগৰাকীৰ প্ৰকৃত পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷ আনহাতে পুখুৰীটোৰ মাজত মহিলাগৰাকীৰ কেনেকৈ মৃত্যু ঘটিল তাকে লৈ স্থানীয় ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে ৷

jamugurihaat police jamugurihat