ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ধুবুৰী আৰু ফুলবাৰীৰ মাজত নিৰ্মীয়মাণ দলংৰ ৬৭ নং পিলাৰৰ কাষতে লাগি থকা নদীত কেইজন মান বন্ধুৰ সৈতে গা ধুবলৈ গৈ নদীৰ বুকুত সন্ধানহীত হৈ পৰিছিল যুৱকজন।

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীত মঙলবাৰৰে পৰা ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ পৰা এজন যুৱকৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হৈছে। ধুবুৰী আৰু ফুলবাৰীৰ মাজত নিৰ্মীয়মাণ দলংৰ ৬৭ নং পিলাৰৰ কাষতে লাগি থকা নদীত কেইজন মান বন্ধুৰ সৈতে গা ধুবলৈ গৈ নদীৰ বুকুত সন্ধানহীত হৈ পৰিছিল যুৱকজন।  

নদীৰ বুকুত সন্ধানহীন হোৱা যুৱকজনক গৌৰীপুৰৰ আৰিফ মহম্মদ আফতাব হুছেইন বুলি জানিব পৰা গৈছে ৷ মঙলবাৰৰে পৰা ধুবুৰীত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আজি উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

ধুবুৰী