Advertisment

লখিমপুৰ জে'লত ঢকুৱাখনাৰ কয়দীৰ মৃতদেহ উদ্ধাৰ

এক মৰ্মান্তিক ঘটনা  সংঘটিত হৈছে লখিমপুৰ জিলা কাৰাগাৰত । বুধবাৰে কাৰাগাৰৰ ভিতৰত  উদ্ধাৰ হৈছে এটা মৃতদেহ...

author-image
Asomiya Pratidin
New Update
zghdtgj

ডিজিটেল সংবাদ, ঢকুৱাখনা : এক মৰ্মান্তিক ঘটনা  সংঘটিত হৈছে লখিমপুৰ জিলা কাৰাগাৰত । বুধবাৰে কাৰাগাৰৰ ভিতৰত  উদ্ধাৰ হৈছে এটা মৃতদেহ । জানিব পৰা মতে এগৰাকী কয়দীয়ে কাৰাগাৰৰ ভিতৰত আত্মহনন কৰে। কয়দীজনৰ নাম হৈছে পৱন বৰুৱা ।

Advertisment

উল্লেখযোগ্য যে ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপুৰ চাপৰি গাঁৱৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱা ঢকুৱাখনা সদৰ থানাৰ এটা গোচৰৰ ভিত্তিত লখিমপুৰ জিলা কাৰাগাৰত আছিল । ঘটনা সন্দৰ্ভত মৃতকৰ আত্মীয়ই জনোৱা মতে কাৰাগাৰৰ ভিতৰত মংগলবাৰে নিশা প্ৰায় ১০ বজাত ডিঙিত চিপলৈ আত্মহত্যা কৰে যুৱকজনে ।

ঘটনা সন্দৰ্ভত বুধবাৰৰ দুপৰীয়া পৰ্যন্ত মৃত পৱনৰ পিতৃ  আৰু আত্মীয় স্বজনক জে'ল কৰ্তৃপক্ষই অৱগত কৰা নাছিল বুলি জানিবলৈ দিয়ে। ইফালে মঙলবাৰে কদয়ী যুৱকজনক আত্মীয়ই দেখা কৰি অহাৰ কথাও উল্লেখ কৰে ।

তেঁওলোকৰ ভাষ্য অনুসৰি অতি স্বাভাৱিক আৰু সুস্থভাৱে থকা পৱন বৰুৱাক বুধবাৰে পুনৰ আত্মীয়ই খাদ্য সামগ্ৰী দিবলৈ  জিলা কাৰাগাৰত  উপস্থিত হৈছিল যদিও দেখা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। আত্মীয়ই বহু সময় অপেক্ষা কৰাৰ অন্তত পাছত কাৰাগাৰৰ এক সাধাৰণ সূত্ৰইহে এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত কাৰাগাৰত দৰ্শনৰ বাবে উপস্থিত হোৱা আত্মীয়ক অৱগত কৰে ।

উল্লেখযোগ্য যে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ নাবালিকা পত্নী দেৱলীনা সোণোৱালক অগ্নিদগ্ধ কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা পৱন  বৰুৱা ন্যায়িক জিম্মাত আছিল ।  ঢকুৱাখনা সদৰ থানাত পঞ্জীকৃত গোচৰ নং- ৩১/২০২৪ ৰ আধাৰত পৱন বৰুৱাক ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (ক) আৰু ৩০৪ (খ) ধাৰাত গ্ৰেপ্তাৰবৰণ কৰি তদন্তকাৰী আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

ঢকুৱাখনা কঁপাই যোৱা এই নিৰ্মম ঘটনা আদালতৰ বিচাৰাধীন হৈ থকা অৱস্থাতে যুৱকজনৰ আত্মহননৰ বাতৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে । অতি স্বাভাৱিক আৰু সুস্থভাৱে থকা পৱনে কি পৰিস্থিতিত , কিয় আৰু কেনেকৈ কাৰাগাৰৰ ভিতৰত  আত্মহত্যা কৰিবলৈ সক্ষম হ'ল সেয়া ৰহস্যৰ বিষয় হিচাপে ধৰা দিছে পৰিয়ালৰ মাজত ।

লগতে কিয় ন্যায়িক জিম্মাত থকা যুৱকজনে এনে মৰ্মান্তিক পথ বাছি ল'বলৈ সুবিধা পালে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত । তাৰোপৰি কিয় এনে মৰ্মান্তিক ঘটনা সন্দৰ্ভত পিতৃ বা আত্মীয়ক জে'ল কৰ্তৃপক্ষই অৱগত নকৰি গোপন কৰি ৰাখিলে লে তাক লৈ গভীৰ সন্দেহৰ উদ্ৰেক ঘটিছে পৰিয়ালৰ মাজত ।

এনে বিভিন্ন সন্দেহজনক কাৰকৰ বাবেই মৃতকৰ পৰিয়ালে এয়া আত্মহত্যা নহয় বুলি দাবী কৰি  হত্যাকাণ্ড হোৱাৰো আশঙ্কা কৰিছে । জে'লৰ ভিতৰত আভ্যন্তৰীণ সংঘাত হোৱাৰো আশংকা কৰিছে আত্মীয়ই । অৱশ্যে এই অপমৃত্যু  সন্দৰ্ভত সঠিক তথ্য মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব ।

ইপিনে জিলা কাৰাগাৰ কৰ্তৃপক্ষই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

dhakuakhana