ধলাইবিল ৰে’ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ

জামুগুৰিহাটৰ ধলাইবিল ৰে’ল ষ্টেচনৰ সমীপত অঘটন, শনিবাৰে পুৱা প্ৰায় ৭-০০ বজাত ৰে’লৰ লাইনত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ধলাইবিল ৰে’ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ

ধলাইবিল ৰে’ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ

  • জামুগুৰিহাটৰ ধলাইবিল ৰে’ল ষ্টেচনৰ সমীপত অঘটন। 
  • ষ্টেচনটোৰ সমীপত উদ্ধাৰ হৈছে এটি অচিনাক্ত মৃতদেহ ৷
  • শনিবাৰে পুৱা প্ৰায় ৭-০০ বজাত ৰে’লৰ লাইনত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। 
  • প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি লোকজনৰ বয়স প্ৰায় ৪০ বছৰ হ’ব। 
  • ৰে’ল লাইনত খণ্ড- বিখণ্ড অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে ৰে’ল আৰক্ষীক খবৰ দিয়ে ৷
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷
  • অৱশ্যে মৃতদেহটো এতিয়াও চিনাক্ত কৰিব পৰা নাই ।
jamugurihat