/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/405338b3-8ba0-4edc-8dde-4bbd1835606f/morigaon_09.jpg)
মৰিগাঁৱৰ মাজমজিয়াত উদ্ধাৰ হৈছে মৃতদেহ
ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাওঁ চহৰত পুৱাই উদ্ধাৰ হ'ল এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো চহৰৰ মাজমজিয়াত থকা কোৱালিটি হোটেলৰ এগৰাকী কৰ্মচাৰীৰ বুলি চিনাক্ত কৰা হৈছে।
চিনাক্ত হোৱা মৃতদেহটো হোটেলখনৰ কৰ্মতাৰী দীপক দেউৰী। হোটেলখনৰ বাথৰুমত চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ। বিগত ডেৰ বছৰৰ ধৰি দীপক কৰ্মৰত হৈ আছিল কোৱালিটি হোটেলত।
ঘটনাৰ সবিশেষ প্ৰকাশ পোৱাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰিগাঁও আৰক্ষীয়ে তদন্তৰ বাবে হোটেল খনৰ মালিকসহ চাৰিজন লোকক ইতিমধ্যে আটক কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃততে এয়া আত্মহত্যা নে হত্যা কাণ্ড।