Advertisment

বড়োলেণ্ড বিশ্ববিদ্যালয়ত তৃতীয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ আৰম্ভ...

৪০ কলেজ , ১১০০ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ত তৃতীয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ আৰম্ভ...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ত তৃতীয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ আজি পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা যুৱ মহোৎসৱৰ কাৰ্যসূচী অনুসৰি কালি সন্ধিয়া পঞ্জীয়ন আৰু টীম মেনেজাৰৰ সভা অনুষ্ঠিত হয় । আনহাতে আজি ৰাতিপুৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিএল আহুজাই বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰি আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

Advertisment

ইপিনে তৃতীয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে পঞ্জীয়ক ড° সুবুং বসুমতাৰীয়ে। আনহাতে যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা কলেজ সমুহৰ পতাকা সংশ্লিষ্ট কলেজৰ তত্বাবধায়ক শিক্ষকে উত্তোলন কৰে । পতাকা উত্তোলনৰ পিছতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ উপলক্ষে বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে উপাচাৰ্য বিএল আহুজাই । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা উক্ত বিশাল শোভাযাত্ৰাই দেৱৰগাঁও ৰাংগালিখাতা হৈ জেডি পথেৰে চেইণ্ট আনচ্ কলেজৰ সন্মুখেৰে বালাগাঁও হৈ পুণৰাই বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয় ।

সকলো জাতি -জনগোষ্ঠীৰ কলা-কৃষ্টি -সংস্কৃতি প্ৰদৰ্শনেৰে দৃষ্টিনন্দনৰূপত বাহিৰ হোৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে মন মুগ্ধ কৰি তোলে । ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিএল আহুজাই সংবাদমাধ্যমৰ আগত যুৱ মহোৎসৱৰ প্ৰয়োজনীয়তাৰ কথা সদৰি কৰি ইয়াৰ দ্বাৰা ছাত্ৰ -ছাত্ৰী লাভাম্বিত হয় বুলি মন্তব্য কৰিছে । ইজনে -সিজনৰ কলা-কৃষ্টি -সংস্কৃতিৰ মত বিনিময়ৰে ছাত্ৰ-ছাত্ৰীসকল লাভাম্বিত হয় বুলি মন্তব্য কৰি যি কথা শ্ৰেণীৰ পাঠদানত পঢ়ুওৱা নহয় তেনে সমাজহৈতিষী কথাও যুৱ মহোৎসৱত ছাত্ৰ-ছাত্ৰীয়ে মত বিনিময়ৰে , ভাৱৰ আদান -প্ৰদানেৰে শিকে বুলি মন্তব্য কৰি ৰাষ্ট্ৰ নিৰ্মানত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা অপৰিহাৰ্য বুলি মন্তব্য কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিএল আহুজাই ।

আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান পৰিষদৰ সঞ্চালক ড° প্ৰহ্লাদ বসুমতাৰীয়ে সদৰি কৰা মতে যুৱ মহোৎসৱ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৪০ খন মহাবিদ্যালয়ৰ প্ৰায় ১১০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰিছে। এইবেলি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান পৰিষদৰ সঞ্চালক ড° প্ৰহ্লাদ বসুমতাৰীয়ে ।

উল্লেখ্য যে এইবেলি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱত জনজাতীয় নৃত্য, লোকনৃত্য, অভিনয়, ফটোগ্ৰাফী , ধ্ৰপদী নৃত্য , কাৰ্টুনিং, অৰ্কেষ্ট্ৰা , তৰ্ক প্ৰতিযোগিতা , ৰংগলী , পোষ্টাৰ মেকিং , মিমিক্ৰি আদিকে ধৰি আন বহু শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । আজিৰ অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰেক্টৰ প্ৰফেচাৰ যতীন শৰ্মা, শৈক্ষিক পঞ্জীয়ক মঞ্জিল বসুমতাৰী আদিকে ধৰি বিশ্ববিদ্যালৰ আন শিক্ষক -কৰ্মচাৰী , বিভিন্ন কলেজৰ তত্বাবধায়ক শিক্ষক উপস্থিত থাকে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়