/asomiyapratidin/media/media_files/2025/02/16/lzOZql5k7jhrnXQh9dxe.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ আজি বিটিআৰ তথা নামনি অসমৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহ সম্পন্ন হয় ৷ বিশ্ববিদ্যালয়খনৰ জৌহৌলাউ নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হয় ৷
দীক্ষান্ত সমাৰোহৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ৷ তৃতীয় দীক্ষান্ত সমাৰোহৰ জৰিয়তে আজি ৰাজ্যপাল তথা আচাৰ্য্য লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই ২০২১-২২,২০২২-২৩,২০২৩-২৪ শিক্ষাবৰ্ষৰ মুঠ ৩৫২৭ গৰাকী ক’লা,বিজ্ঞান,বাণিজ্য আৰু মেনেজমেণ্ট শাখাৰ স্নাতক,স্নাতকোত্তৰ,ডক্টৰেট ডিগ্ৰীধাৰীৰ লগতে ৫০ গৰাকী পিএইছডি আৰু ৩৩ গৰাকীলৈ ডিগ্ৰী আৰু সোণৰ পদক প্ৰদান কৰে ৷
উল্লেখ্য যে দীক্ষান্ত সমাৰোহৰ কাৰ্য্যসূচীত ৰাজ্যপাল আচাৰ্য্যৰ উপৰিও বিটিআৰৰ মুখ্য কাৰ্য্যৱাহী সদস্য প্ৰমোদ বড়ো,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেছাৰ বিএল আহুজাই অংশগ্ৰহণ কৰে ৷