/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/99f809ad-3f38-4786-8d61-2346f458afb8/bodoland.jpg)
প্ৰতিবাদী কাৰ্যসূচী
ডিজিটেল সংবাদ, চিৰাংঃ ট্ৰাইবেল বেল্ট আৰু ব্লক বেদখলমুক্ত কৰাৰ দাবীত চিৰাঙৰ কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু বড়ো নেচনেল ষ্টুডেণ্টচ ইউনিয়নৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ ভূমি ৰাজহ অধিনিয়ম আইন ১৮৮৬ ৰ অনুচ্ছেদ নং ১০ ৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ অনুযায়ী অ-জনজাতি লোকৰ দ্বাৰা অবৈধ ভাৱে বেদখল কৰি ৰখা ট্ৰাইবেল বেল্ট আৰু ব্লক সমূহ বেদখলমুক্ত কৰাৰ দাবীত শুকুৰবাৰে চিৰাঙৰ কাজলগাঁৱত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ,বড়ো নেচনেল ষ্টুডেণ্টচ ইউনিয়নৰ শতাধিক লোকে তিনি ঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ।
কাজলগাঁৱৰ এই ধৰ্মঘট কাৰ্যসূচীত চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত অ-জনজাতি লোকৰ দ্বাৰা বেদখলকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মৌজাবাৰী গাঁৱৰ ভুক্তভোগী জনজাতি ৰাইজেও অংশগ্ৰহণ কৰে।
অসমৰ বিভিন্ন জিলাত বেদখল হৈ থকা জনজাতি সুৰক্ষা আবেষ্টনীসমূহ বেদখলমুক্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো চৰকাৰে কেৱল ৰাজনীতিৰ স্বাৰ্থত আজিলৈকে বেদখলমুক্ত কৰা নাই বুলি অভিযোগ উত্থাপন কৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্য্যকৰী সভাপতি দাউৰাউ দেখখ্ৰেব নাৰ্জাৰীয়ে ।
কাৰণ ইয়াৰ আগতে শাসনাধিষ্ঠিত চৰকাৰসমূহে কেৱল ৰাজনীতিৰ স্বাৰ্থত জনজাতি বিৰোধী স্থিতি গ্ৰহণ কৰি জনজাতি সুৰক্ষা আবেষ্টনী সমূহ বেদখলমুক্ত নকৰিলে বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰ খনেও পূৰ্বৰ চৰকাৰৰ দৰে একেই ভূমিকা গ্ৰহণ কৰি আছে । চৰকাৰে যদি এনেদৰেই ভূমিকা গ্ৰহণ কৰি থাকে তেনেহলে আগন্তুক সময়ত নিজৰ ভূমি হেৰুৱাই ভূমিহীন হোৱা জনজাতি সকলে চৰকাৰৰ বিৰুদ্ধে জঙ্গী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ।
অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী, কাৰ্য্যকৰী সভাপতি দাউৰাউ দেখখ্ৰেব নাৰ্জাৰী, বড়ো নেচনেল ছাত্ৰ ইউনিয়ন চমুকৈ বনছুৰ সভাপতি মঞ্জিল মঞ্জিত মুছাহাৰী সহ অন্যান্য নেতৃবৰ্গ সকলে ।
উল্লেখ্য যে, অৱস্থান ধর্মঘট কাৰ্যসূচীৰ অন্তত আন্দোলনকাৰী সংগঠন দুটাই জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন ১৯ দফীয়া দাবী সম্পন্ন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।