/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/93975781-6438-4dd7-8741-41fad8e38350/bodoland.jpg)
bodoland swahid dibash
ডিজিটেল সংবাদ, ওদালগুৰিঃ বড়ো সকলৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ সংগ্ৰামত আত্ম বলিদান দিয়া শ্বহীদ সকলক সুৱঁৰি বুধবাৰে প্ৰাক্তন এন ডি এফ বি আৰু ওদালগুৰি জিলা ইউ পি পি এলৰ উদ্যোগত ওদালগুৰিৰ সাপখাইটীত ৩৪ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস পালন কৰে।
বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলী অৰ্পনেৰে শ্বহীদ তৰ্পন কাৰ্যসুচী মুকলি কৰে প্ৰাক্তন এন ডি এফ বি নেতা নিলেশ্বৰ বসুমতাৰীয়ে। শ্বহীদ তৰ্পন কৰি তেখেতে সশস্ত্ৰ সংগ্ৰামৰ চমু ইতিহাস দাঙি ধৰে। অনুষ্ঠানত উপস্থিত থকা শ্বহীদ পৰিয়াল সমুহক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানত শ্বহীদ সকলৰ আত্ম বলিদানৰ বাবে বি টি আৰ গঠন হোৱা বুলি মন্তব্য কৰে প্ৰাক্তন এন ডি এফ বি নেতা ৰুজুগ্ৰা মোছাহাৰীয়ে। অন্যহাতে ইউ পি পি এলৰ কেন্দ্ৰীয় উপ সভাপতি ভ্ৰমন বাগ্লাৰীয়েও শ্বহীদক স্মৰণ কৰি শ্বহীদ সকলৰ আত্ম ত্যাগৰ বাবে এন ডি এফ বিৰ সমস্যা সমধান হোৱা বুলি মন্তব্য কৰে।