বৰমাত বড়োলেণ্ড শ্বহীদ দিৱস পালন

বাক্সা জিলাৰ বৰমাৰ ওচৰৰ খাৰুৱাজানত অৱস্থিত ইনটিগ্ৰেটেড টেক্সটাইল পাৰ্কত বিটিআৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বড়োলেণ্ড শ্বহীদ দিৱস। এই দিৱসত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৩৩ জন  আৰু বিএলটি সদস্যৰ ৩৯১ জন মুঠ ৭২৪ জন শ্বহীদ পৰিয়ালবোৰক চেক বিতৰণ

author-image
Asomiya Pratidin
New Update
শ্বহীদ দিৱস পালন

ডিজিটেল সংবাদ, বৰমা : বড়ো জনগোষ্ঠীটোক ৰাজনৈতিক অধিকাৰ লগতে সাংবিধানিক অধিকাৰেৰে উন্নতিৰ দিশেৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ আন্দোলন ১৯৮৭ চনৰ  ২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল। সেই বৰ্ষৰে ১২ জুনত গুৱাহাটীৰ জৰ্জ ফিল্ডত সুকীয়া বড়োলেণ্ড ৰাজ্য দাবীৰে অনুষ্ঠিত কৰা গণ সমাৱেশত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি যোৱাৰ সময়ত নলবাৰী জিলাৰ টিহু চ'ক ( নাথকুছি )ত শত্ৰুৰ আক্ৰমণত ছাত্ৰ সুজিত নাৰ্জাৰীৰ শ্বহীদ হৈছিল । 

Advertisment

শ্বহীদ দিৱস পালন

তেওঁৰ ৩৮ সংখ্যক শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমাৰ ওচৰৰ খাৰুৱাজানত অৱস্থিত ইনটিগ্ৰেটেড টেক্সটাইল পাৰ্কত বিটিআৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বড়োলেণ্ড শ্বহীদ দিৱস। এই দিৱসত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৩৩ জন  আৰু বিএলটি সদস্যৰ ৩৯১ জন মুঠ ৭২৪ জন শ্বহীদ পৰিয়ালবোৰক চেক বিতৰণ আৰু প্ৰাক্তন বিএলটি সকলক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । 

সভাৰ আৰম্ভণিৰ পূৰ্বে উপস্থিত অতিথিসকলে শ্বহীদসকলৰ নামত পুষ্পাঞ্জলি অৰ্পণ কৰে । সভাখন উদ্বোধন কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োই।  

সভাত চেৰেজা বজাই শ্বহীদসকলক স্মৰণ কৰে ড০ গোমোথাও বসুমতাৰীয়ে । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই। সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই In August presence হৈ ভাষণ দি বড়ো আন্দোলনৰ শ্বহীদ তথা বড়োসকলৰ বিশিষ্ট ব্যক্তিসকলৰ মূৰ্তি বিটিআৰ বিশেষ ঠাই তথা অসমৰ বড়ো অঞ্চলবোৰত স্থাপন কৰিব বুলি কয় । 

শ্বহীদ দিৱস পালন

সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি খোৰোমদাও ওৱাৰী,  প্ৰাক্তন বিএলটি ওৱেলফেয়াৰ কোঅপাৰেটিপ ছচাইটিৰ অধ্যক্ষ মনোজ কুমাৰ ব্ৰহ্মই । সভাত ৰাজ্যসভাৰ সাংসদ ৰৌণ গৌড়া নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, ৰাকেশ ব্ৰহ্ম,  দাওবাইচা বড়ো, ধঞ্জয় নাৰ্জাৰী, ধৰ্ম নাৰায়ণ দাস, চাপাগুৰী বিধান সভাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, তামুলপুৰ বিধান সভাৰ প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী, বৰমা বিধান সভাৰ বিধায়ক ভুপেন বড়ো, পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইচলাৰী, চিদলী বিধান সভা সমষ্টিৰ বিধায়ক  নিৰ্মল কুমাৰ ব্ৰহ্ম, বিটিচিৰ এমচিএলএ দিলীপ বড়ো, সঞ্জয় স্বৰ্গীয়াৰী, মন্তু বড়োৰ লগতে শ্বহীদ পৰিয়ালবোৰৰ বহু সদস্য তথা বিশিষ্ট বড়ো ব্যক্তি সকল আৰু  বহু বড়ো লোকসকলে অংশগ্ৰহণ কৰে ।

উৰ্খাও গৌৰা ব্ৰহ্ম প্ৰমোদ বড়ো বৰমা