/asomiyapratidin/media/media_files/2025/06/30/bodoland-football-30-2025-06-30-16-38-40.jpg)
ডিজিটেল সংবাদ বাক্সাঃ আগন্তুক বড়োলেণ্ড চি ই এম কাপ ১.০-ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা উপলক্ষে আজি মুছলপুৰস্থিত ডিষ্ট্ৰিক্ট কালচাৰেল কমপ্লেক্সত এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত বি টি চিৰ অধ্যক্ষ কাতিৰাম বড়ো, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, বি টি চিৰ এম চি এল এ মন্তু বড়ো, বাক্সাৰ জিলা ক্ৰীড়া বিষয়া দসৰথ ব্ৰহ্ম, লগতে বাক্সাৰ বিভিন্ন বি ডি অ’, ফিজিকেল ইনষ্ট্ৰাক্টৰ, টি এল চি চি সদস্য, মুছলপুৰ আৰু শালবাৰী ক্ৰীড়া সংগঠনৰ প্ৰতিনিধি, শালবাৰী জিলা ক্ৰীড়া সন্থাৰ সদস্য আদি উপস্থিত থাকে।
বৈঠকত চিইএম কাপ ১.০-ৰ বিভিন্ন দিশ যেনে খেলৰ সূচী, সাংস্কৃতিক কাৰ্যসূচী, পৰিবহণ আৰু আন আন ব্যৱস্থাপনাগত বিষয় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত সিদ্ধান্ত লোৱা হয় যে খেলসমূহ ৪ জুলাই আৰু ৫ জুলাইত শালবাৰী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
মুঠ ৬ টা দলে এই জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বিজয়ী দলক ২৫,০০০ টকাৰ পুৰস্কাৰ, উপ-বিজয়ী দলক ১৫,০০০ টকা আৰু শ্ৰেষ্ঠ খেলুৱৈজনক ৫,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।