মুম্বাইত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় বড়ো লিখক সন্থাৰ

মুম্বাইত আজিলৈকে বিটিচি প্ৰসাশনে দেশৰ বিভিন্ন ঠাইত বড়োলেণ্ড ভৱন-হাউচ নিৰ্মাণ কৰা ধৰণে নিৰ্মাণ নকৰাত দুখ প্ৰকাশ কৰি মুম্বাইত বড়োলেণ্ড ভৱন নিৰ্মাণ কৰিবলৈ বিটিচি প্ৰসাশনক আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
dq

ডিজিটেল সংবাদ,মুম্বাই : মুম্বাইত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে আজি মুম্বাইৰ ৰাজস্থান ভৱনৰ হলত মত বিনিময় কৰে বড়ো লিখক সন্থাই। মুম্বাই বড়ো জনগোষ্ঠী কল্যাণ সন্থা আহ্বায়ক বীৰেন্দ্ৰ স্বৰ্গীয়াৰীয়ে উদ্বোধন কৰা সভাখন সঞ্চালনা কৰে বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে।

সভাখনত পদ্মশ্ৰী মংগলসিং হাজোৱাৰী, বড়ো লিখক সন্থাৰ বিষয়ববীয়াৰ লগতে অসমৰ পৰা অহা বহু সাহিত্যিক, মুম্বাই বড়ো জনগোষ্ঠী কল্যাণ সন্থাৰ বিষয়ববীয়া তথা তাত থকা ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।

মত বিনিময় অনুষ্ঠানৰ ভাষণত মুম্বাইত আজিলৈকে বিটিচি প্ৰসাশনে দেশৰ বিভিন্ন ঠাইত বড়োলেণ্ড ভৱন-হাউচ নিৰ্মাণ কৰা ধৰণে নিৰ্মাণ নকৰাত দুখ প্ৰকাশ কৰি মুম্বাইত বড়োলেণ্ড ভৱন নিৰ্মাণ কৰিবলৈ বিটিচি প্ৰসাশনক আহ্বান জনায়।

মুম্বাই