সনা মাইনাও নাইজাব আফাদৰৰ নাট প্ৰদৰ্শনৰ শুভাৰম্ভনী...

নাটত কণ্ঠদান কৰিছে বিশিষ্ট শিল্পী গজেন বড়ো আৰু অনাতাঁৰ শিল্পী চায়া ৰানী ব্ৰহ্ম মোছাহাৰীয়ে

author-image
Asomiya Pratidin
New Update
সনা মাইনাও নাইজাব আফাদৰৰ নাট প্ৰদৰ্শনৰ শুভাৰম্ভনী...

natok

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ বৰমাত কেইজনমান নাট্যনুৰাগী আৰু সংস্কৃতি প্ৰেমী যুৱকৰ প্ৰচেষ্টাত জন্মলাভ কৰা বাক্সা জিলাৰ একমাত্ৰ বড়ো ভাষাৰ নাট্যগোষ্ঠী সনা মাইনাও নাইজাব আফাদৰে শনিবাৰে দৰ্শকৰ মাজত নাটকৰ শুভাৰম্ভ কৰে।

Advertisment

বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদৰ মুকলি মঞ্চত উক্ত নাট্য গোষ্ঠীৰ শুভৰম্ভণী কৰে বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷

নাটৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰদান কৰা ভাষণত তেওঁ কয় যে, বিগত দিনবোৰত অসমৰ ৰাইজে ভালদৰে নাটক, চিনেমা চাব পৰা নাছিল,অকল হত্যা - হিংসা আদিৰে জীৱন অতিবাহিত কৰিছিল ৷ এতিয়া সেই দিন উকলি গ'ল ৷ ৰাইজে নিচিন্ত মনে সপৰিয়ালে নাটক - চিনেমা চাব পৰা অৱস্থা হৈছে । বি টি আৰ চৰকাৰে থিয়েটাৰ আৰু চিনেমা প্ৰেক্ষাগৃহ সমূহক নতুন ৰূপ দিয়াৰ ব্যৱস্থা কৰিব বুলিও ৰাইজৰ আগত কয় ৷

বিগত দুবছৰ ধৰি কভিড-১৯ মহামাৰীৰ বাবে বন্ধ হৈছিল নাট আৰু চিনেমা চাব পৰা পৰিবেশ । এইবাৰ কোনো ধৰণৰ ক'ভিডৰ নিষেধজ্ঞা নাই। যাৰ বাবে জীপাল হৈ উঠিছে ভ্ৰাম্যমাণ নাট্য জগত ৷

natok
natok

সনা মাইনাও নাইজাব আফাদৰৰ পৰিচালক ধনেশ্বৰ ৰামছিয়াৰীয়ে জানিবলৈ দিয়ে যে, সনা মাইনাও যাত্ৰা পাৰ্টীক ৰাইজে আকোৱালি ল'ব বুলি তেওঁ আশাবাদী। যাৰ পৰিপ্ৰেক্ষিতত দলটোৱে অধিক উৎসাহিত হৈ এনেদৰে পুনৰ ৰাইজৰ মাজলৈ ওলাই আহিছে ৷ ৰাইজে যদি সহযোগিতা আগবঢ়াই তেনেহলে অদূৰ ভবিষ্যতে সনা মাইনাও যাত্ৰা পাৰ্টীক ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিব।

আজি দুমাহ ধৰি বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ কাৰ্যালয়ত বাহৰ পাতি নৃত্য-নাটকৰ আখৰা কৰিছিল। নাট প্ৰদৰ্শন শুভাৰম্ভনী অনুষ্ঠানত সাহিত্য অকাডেমী বঁটা প্ৰাপক দেওবাৰ ৰামছিয়াৰী, বাক্সা জিলা বড়ো সাহিত্য সভাৰ কোষাধক্ষ দুলাল স্বৰ্গীয়াৰী, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি বুদোৰাম বড়ো, উপ সভাপতি কুল'ৰাম ব্ৰহ্ম, সম্পাদক খ্ৰৌমছাৰ বসুমতাৰী, বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি জীতেন ফুং বসুমতাৰী, উপ সভাপতি অনচুমা বড়ো, সাধাৰণ সম্পাদক শ্যামল বসুমতাৰীৰ লগতে বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা-কৰ্মী আৰু সনা মাইনাও নাইজাব আফাদৰ কৰ্ণধাৰ সমিতিৰ সভাপতি গজেন বড়ো, সাধাৰণ সম্পাদক মহেন্দ্ৰ বড়ো, পৰিচালনা সমিতিৰ সভাপতি জগেশ বসুমতাৰী, সাধাৰণ সম্পাদক মিলিক ৰামছিয়াৰী, নাট পৰিচালক ধনেশ্বৰ ৰামছিয়াৰীয়ে। নাটকত কণ্ঠদান কৰিছে বিশিষ্ট শিল্পী গজেন বড়ো আৰু অনাতাঁৰ শিল্পী চায়া ৰানী ব্ৰহ্ম মোছাহাৰীয়ে।

এই বৰ্ষত সিমানসিং বড়োৰ " অননাই হো", যতিন্দ্ৰনাথ বড়োৰ " বোদোৰ বাওলি" আৰু পদ্মধৰ বসুমতাৰীৰ " আৰোনাই " এই তিনিখন নাটকলৈ দৰ্শকৰ আগত মঞ্চস্থ কৰিব।

নাট কেইখনত অভিনয় কৰিছে ক্ৰমে গনেশ বসুমতাৰী, মিলিক ৰামছিয়াৰী, সিমানসিং বড়ো, সঞ্জীৱ বড়ো, গোলাপী বড়ো, বিলাইশ্ৰী বড়ো, নাসন্তি বড়ো, সৰমিলা বড়োৰ লগতে ন-পুৰণি শিল্পী সকলে। শুভাৰম্ভণী অনুষ্ঠানৰ আঁত ধৰে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্যামল বসুমতাৰীয়ে।

mobileTheatre DRAMA barama