৭৩সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন...

হাওৰাঘাট তিনি আলিত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। হাওৰাঘাট তিনি আলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত আয়োজিত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে গোপেন খাখলাৰীয়ে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
2

ডিজিটেল সংবাদ,হাওৰাঘাট:   ৰাজ্যৰ অন্য স্থানৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনি আলিত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। হাওৰাঘাট তিনি আলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত আয়োজিত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে গোপেন খাখলাৰীয়ে।

Advertisment

আজিৰ অনুষ্ঠানত উপস্থিত থাকে হাওৰাঘাট তিনি আলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনসমূহৰ বিষয়-ববীয়া ক্ৰমে বীৰেণ স্বৰ্গীয়াৰী,হৰি নাৰ্জাৰী, শম্ভু ৰামচিয়াৰী, নয়ন ব্ৰহ্ম, ঘটক নাৰ্জাৰী ,ধ্ৰুৱ ব্ৰহ্ম, জগদীশ বসুমতাৰী, প্ৰদীপ বসুমতাৰী, বিমল বসুমতাৰী, সুবল বসুমতাৰী, দীনেশ বসুমতাৰী, গুৰুচৰণ গয়াৰী, মহেশ্বৰ বসুমতাৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, প্ৰভা বসুমতাৰী আদি।

ইপিনে একে দিনাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসটো হাওৰাঘাট অঞ্চলৰ আমনি গাঁৱতো জাক জমকভাৱে পালন কৰা হয় । আনহাতে নতুন দিল্লীতো বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা সন্দৰ্ভত অগ্ৰণী বড়ো সংগঠনৰ বিষয়-ববীয়াই গৌৰৱ অনুভৱ কৰে।

বড়ো সাহিত্য সভা