/asomiyapratidin/media/media_files/2025/01/12/nuM3vpPnepqmUmMruXzn.jpg)
বড়ো সাহিত্য সভাৰ অন্তিম দিনটোত গ্ৰন্থপ্ৰেমীৰ সন্তোষজনক সহাৰি Photograph: (বড়ো সাহিত্য সভাৰ অন্তিম দিনটোত গ্ৰন্থপ্ৰেমীৰ সন্তোষজনক সহাৰি)
ডিজিটেল সংবাদ, ওদালগুৰিঃ চাৰিদিনীয়া উখল-মাখল পৰিৱেশৰ অন্তত সামৰণি পৰিল ওদালগুৰি জিলাৰ ডিমাকুচিৰ দৈমু নগৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক বাৰ্ষিক অধিৱেশন। অন্তিমটো দিনত অধিৱেশনখনৰ সৈতে সংগতি ৰাখি চলি থকা গ্ৰন্থ বিপনীত গ্ৰন্থপ্ৰেমীৰ ব্যাপক সহাৰি পৰিলক্ষিত হোৱা দেখা যায়। অধিৱেশনৰ প্ৰথম দুটা দিনত গ্ৰন্থপ্ৰেমীৰ সহাৰি সেৰেঙা থকা বুলি জানিবলৈ দি অন্তিম দুটা দিনত সন্তোষজনক সহাৰিৰ লগতে গ্ৰন্থৰ যথেষ্ট বিক্ৰী হোৱাৰ কথা বিক্ৰেতাসকলে জানিবলৈ দিয়ে।
গ্ৰন্থ বিক্ৰীৰ মুঠ হিচাপ বাতৰি লিখা পৰলৈ জানিব পৰা হোৱা নাই যদিও প্ৰায় কেইৱা লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি সদৰি কৰে। উক্ত মেলাত গায়ত্ৰী প্ৰকাশন, এম আৰ প্ৰকাশন, স্বাগত প্ৰকাশনককে ধৰি প্ৰায় আঠৰ পৰা দহখন গ্ৰন্থৰ বিপনীয়ে অংশগ্ৰহণ কৰে। গ্ৰন্থ বিক্ৰেতাসকলৰ পৰা জানিব পৰা অনুসৰি বড়ো ভাষাৰ গ্ৰন্থসমূহৰ ভিতৰত অধিক বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাৰ প্ৰথম স্থানত আছে সাহিত্য অকাডেমী বটাঁ প্ৰাপক অৰণ ৰাজা বসুমতাৰীৰ "সৌৰনি থাখায়", বিপৰীতে দ্বিতীয় স্থানত আছে পৱিত্ৰ গ্ৰন্থ "বাথৌ থান্দৈ"।
ইফালে এইবেলি বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনত কেইৱাখনো অসমীয়া গ্ৰন্থই ব্যাপক সমাদৰ লাভ কৰাৰ কৰা প্ৰকাশকগোষ্ঠীয়ে জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত বিক্ৰীৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে ড° কুমুদ দাসৰ "মই মানুহ হব খোজো" নামৰ গ্ৰন্থখন। প্ৰথমাৱস্থাত বিপনীসমূহত উক্ত গ্ৰন্থৰ কম সংখ্যক কপি সংগ্ৰহ কৰিছিল যদিও চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নতুনকৈ আনিবলগীয়া হোৱা বুলিও জানিবলৈ দিয়ে। ইয়াৰ পাছত দ্বিতীয় স্থানত আছে সাহিত্যিক য়েছে দৰজে ঠংচিৰ "ধাৰ আৰু অন্যান্ন গল্প" নামৰ গ্ৰন্থখন।
একেদৰে তৃতীয় স্থানত সাহিত্য অকাডেমী বটাঁপ্ৰাপ্ত সমীৰ তাঁতীৰ "ফৰিংবোৰে বাটৰ কথা জানে", চতুৰ্থ স্থানত আছে মৃণাল কলিতাৰ "অভিমান্যু", পঞ্চম স্থানত আছে মৃণাল কলিতাৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বটাঁ(২০২১) প্ৰাপ্ত উপন্যাস "বকুল ফুলৰ দৰে", ষষ্ঠ স্থানত আছে ড° ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে" নামৰ গ্ৰন্থখন।
ইয়াৰোপৰি ইতিমধ্যে বিভিন্ন সময়ত চলি অহা চিৰ জনপ্ৰিয় কাঞ্চন বৰুৱাৰ "অসীমত যাৰ হেৰাল সীমা", হোমেন বৰগোহাঞিৰ "হালধীয়া চৰাইয়ে বাও ধান খায়", বিভিন্ন ধৰ্মীয় গ্ৰন্থ ইত্যাদিয়েও কিছু পৰিমানে সাহিত্যপ্ৰেমীয়ে বিচাৰি অহাৰ কথা প্ৰকাশকগোষ্ঠীয়ে জানিবলৈ দিছে। অধিৱেশনখনিত গ্ৰন্থ বিপনীৰ সংখ্যা তুলনামূলকভাৱে কম হ'লেও শেষৰ দুটা দিনত বিক্ৰীৰ হাৰ তুলনামূলকভাৱে সন্তোষজনক বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।