/asomiyapratidin/media/media_files/2024/12/30/TtgCfTgEpA6zcfUJJZqC.png)
নিকাছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন Photograph: (নিকাছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন)
ডিজিটেল সংবাদ, বাক্সা : ২০২০ চনৰ ২৭ জানুৱাৰীত তৃতীয় বড়ো চুক্তি বিটিআৰ চুক্তি হৈছিল ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু এবছু, এনডিএফবি আৰু ইউপিবিওৰ মাজত ৷ ইতিমধ্যে বড়ো সকলৰ কেইবাটাও চুক্তি সমাধান হৈছে যদিও কিছুমান চুক্তিৰ দফা এতিয়াও কাৰ্য্যকাৰী হবলৈ বাকী আছে ৷ প্ৰমোদ বড়োৰ নেতৃত্বৰ বিটিআৰ চৰকাৰে অহা ২০২৫ চনৰ ভিতৰত চুক্তি সমুহ সমাধান হবলৈ গৈ আছে ৷
বাক্সা জিলাৰ নিকাছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰি বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে এইদৰে কয় ৷ তেওঁ আৰু কয় যে ১৯ ৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম হৈছিল আৰু আজি ৫৭ বছৰ ধৰি বড়ো ৰাইজৰ সৰ্বাংগীণ উন্নয়ন, অধিকাৰৰ হকে কাম কৰি আছে ৷
নিখিল বড়ো ছাত্ৰ সন্থাৰ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম, প্ৰয়াত ছৌমলাও বসুমতাৰী, ইউজি ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী, ৰোণগৌৰা নাৰ্জাৰী কে ধৰি বৰ্তমানৰ সভাপতি দিপেন বড়ো অবিৰত ভাবে কাম কৰি আহিছে ৷ তেওঁ আৰু কয় যে স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ’ল যদিও বড়ো সকলৰ অধিকাৰ বিষয়ে কোনো মাত মতা নাছিল ৷ বৰ্তমান বিটিআৰ চুক্তি অনুসৰি বড়ো সকলৰ ভুমিৰ সমস্যা ইতিমধ্যে সমাধান হৈছে আৰু কিছুমান সমস্যা সমাধান হবলৈ গৈ আছে ৷
উল্লেখ্য যে বাক্সা জিলাৰ নিকাছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী অনুষ্ঠান তিনিদিনীয়া কাৰ্য্যসুচীৰে ২৭,২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হয় ৷ নিকাছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰজেন দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সহ: সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্ম, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, বড়ো মাতৃ সংগঠনৰ আহ্বায়ীকা লিলা বসুমতাৰী, বাক্সা জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দিপক বসুমতাৰীৰ লগতে বহু গণ্যমান্য লোক উপস্থিত থাকে ৷