আজি পৱিত্ৰ বাথৌ পূজাঃ বাথৌ দেৱতাক কেনেকৈ পূজা কৰা হয় জানেনে...

আজি পৱিত্ৰ বাথৌ পূজা। বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী[ জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
আজি পৱিত্ৰ বাথৌ পূজা

আজি পৱিত্ৰ বাথৌ পূজা Photograph: (আজি পৱিত্ৰ বাথৌ পূজা)

ডিজিটেল ডেস্কঃআজি পৱিত্ৰ বাথৌ পূজা। বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী[ জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে।

এই পৱিত্ৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো জনগোষ্ঠীৰ লোকসকলক শুভেচ্ছা জনাই লিখিছে- আজি বড়ো ভাই-ভনীসকলৰ অতি হেঁপাহৰ পৱিত্ৰ বাথৌ চান তথা বাথৌ পূজাৰ বড়ো ভাই-ভনী তথা অসমবাসীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ৷ বাথৌ দেৱতাৰ আশিসে সকলো দিশৰ পৰা মংগল সাধন কৰক, এয়াই অন্তৰেৰে কামনা কৰিলোঁ৷

এই পৱিত্ৰ দিনটোত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সদৌ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ লিখিছে-  বড়ো জনগোষ্ঠীৰ সমূহ ভাতৃ-ভগ্নী আৰু অসমবাসীলৈ বাথৌ সান তথা বাথৌ পূজা উপলক্ষে আন্তৰিক ওলগ জনালোঁ আৰু সমাজৰ সৰ্বাংগীণ মংগল তথা শ্ৰীবৃদ্ধি কামনাৰে বাথৌ দেৱতাৰ প্ৰতি নতশিৰে সেৱা-প্ৰাৰ্থনা জনালোঁ।

উল্লেখ্য যে, বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়।

বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈবেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়।

বাথৌ পূজা